NORTHEAST NOW (Assamese)

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনালে সাংসদ গৌৰৱ গগৈয়ে

December 28, 2018 7:47 am · এন ই নাও নিউজ
Updated: December 28, 2018 7:54 am
সাংসদ গৌৰৱ গগৈ। ফাইল ফটো।

অস্বস্তিকৰ ৰাজনৈতিক প্ৰশ্ন সোধা বাবেই খৰ্গহস্ত হৈ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা তথা মাইক দলিয়াই প্ৰাণে মৰাৰ ভাবুকি দিয়া এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনালে সাংসদ গৌৰৱ গগৈয়ে।

নিজৰ এটা টুইটত কংগ্ৰেছী সাংসদজনে কয় যে এজন সাংবাদিকক ভাবুকি দিয়া বাবে এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত।

‘মই অসমৰ বিজেপিৰ চৰকাৰখনক এ আই য়ু ডি এফৰ মুৰব্বীজনৰ বিৰুদ্ধে তেওঁ এজন সাংবাদিকক দিয়া ভাবুকিৰ বাবে ব্যৱস্থা ল’বলৈ অনুৰোধ কৰিছো।’ সাংসদ গৌৰৱ গগৈয়ে কয়।

লগতে তেওঁ অসমত বিজেপিৰ সৈতে এ আই য়ু ডি এফৰ বুজাবুজি থকাৰ কথাটো সকলোৰে বাবে জলজল পটপট হৈ থকা কথা বুলিও কয়।

অৱশ্যে সাংসদ গৌৰৱ গগৈৰ টুইটটোৰ প্ৰত্যুত্তৰত বহুতে তেওঁকো বিদ্ৰূপ-সমালোচনা কৰি উত্তৰ দিয়া পৰিলক্ষিত হয়। কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ সম্পৰ্কৰ কথা আঙুলিয়াই দিয়া দেখা যায় বহুকেইজনক।

উল্লেখযোগ্য যে ২৬ ডিচেম্বৰৰ দিনা এ আই য়ু ডি এফৰ জিলা পৰিষদৰ নিৰ্বাচিত সদস্য সকলক সম্বৰ্ধনা জনাবলৈ হাটশিঙীমাৰিত অনুষ্ঠিত দলটোৰ এখন সভাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়তে বদৰুদ্দিনে এজন সাংবাদিকক অপদস্থ কৰিছিল। সাংবাদিকজনে সোধা প্ৰশ্নত আহত হৈ বদৰুদ্দিনে তেওঁক ‘কুকুৰ’, ‘বদমাচ’ আদি শব্দৰে গালি পাৰিছিল আৰু বুমটো দলিয়াই দিছিল।

Related News