সামাজিক দূৰত্বক বুঢ়া আঙুলি দেখুৱাই বিজেপিৰ মন্ত্ৰী আক্ৰান্ত হ’ল কোভিডত

Bhadoria

মন্ত্ৰী হ’লেই যেন নিয়ম-কানুন বুলি কোনো কথা নাই।

ক’ৰ’ণাক বাধা দিয়াৰ বাবে যুগুত কৰা সামাজিক দূৰত্ব, মুখা পৰিধান কৰা আদি কথা বোৰৰ গুৰুত্ব যেন বহু মন্ত্ৰীৰ ক্ষেত্ৰতে নাই।

পিছে ৰোগে জানো মন্ত্ৰী কোন,সাধাৰণ জনতা কোন সেয়া চিনি পায়?

চিনি নাপাই বাবেই এইবাৰ সামাজিক দূৰত্বক বুঢ়া আঙুলি দেখুৱাই বিশাল সভা পাতি নিয়ম ভংগ কৰা বিজেপিৰ এজন মন্ত্ৰী আক্ৰান্ত হ’ল ক’ৰ’ণা ভাইৰাছত।

অভিযোগ উঠা অনুসৰি কিছুদিন পূৰ্বে নিজৰ সমষ্টিত সভা অনুষ্ঠিত কৰিছিল মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী অৰবিন্দ সিং ভাদোৰিয়াই ।

ইয়াৰ  পিছতে ভাদোৰিয়া ক’ৰ’ণাত আক্ৰান্ত হোৱাটো আজি নিশ্চিত কৰা হ’য়।

 

আজি তেওঁক ভূপালৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’য়।

ক’ৰ’ণাত আক্ৰান্ত মন্ত্ৰী ভাদোৰিয়াই মঙলবাৰে মধ্যপ্ৰদেশৰ সদ্য প্ৰয়াত ৰাজ্যপাল লালজী টেণ্ডনৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থকাৰ লগতে বুধবাৰে মধ্যপ্ৰদেশ বিধান সভাৰ বৈঠকতো উপস্থিত আছিল।

সেয়ে মন্ত্ৰী গৰাকী ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া বহুতৰে মাজত আতংক বিয়পি পৰিছে।

ইপিনে নিয়ম ভংগ কৰি সামাজিক দূৰত্বৰ বিষয়টোক দলিয়াই পেলোৱাৰ ভিডিঅ’ক লৈ সৰৱ হৈ পৰিছে ৰাজ্যখনৰ বিৰোধী দল কংগ্ৰেছ।