পৃথক বড়ো ৰাজ্যৰ বিৰোধিতাৰে সংসদ ভৱনৰ সন্মুখত সাংসদ নৱ কুমাৰ শৰণীয়াৰ ধৰ্ণা

Naba-Sarania

নতুন দিল্লীৰ সংসদ ভৱনৰ সন্মুখত বৃহস্পতিবাৰে সাংসদ নৱ শৰণীয়াৰ প্ৰতিবাদ।

পৃথক বড়ো ৰাজ্যৰ বিৰোধিতা কৰি নতুন দিল্লীৰ সংসদ ভৱনৰ সন্মুখত বৃহস্পতিবাৰে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। কালি সাংসদৰ কাম-কাজ আৰম্ভ হোৱাৰ পূৰ্বেই সংসদ ভৱনৰ সন্মুখত থকা গান্ধী মূৰ্তিৰ সন্মুখত সাংসদজনে হাতত প্লেকাৰ্ড লৈ এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত সাংসদ শৰণীয়াই বি টি চি এলেকাত বসবাস কৰি থকা অবড়ো লোকসকল ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈ থকাৰ কথা উল্লেখ কৰি শেহতীয়াকৈ বি টি চিৰ পৰিসৰ আৰু ক্ষমতা বৃদ্ধি কৰি গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে চিন্তা-চৰ্চা কৰি থকা বুলি ব্যক্ত কৰে।

কেন্দ্ৰীয় শাসিত পৰিষদ গঠন কৰিলে বড়োলেণ্ডত পৰিস্থিতি ভয়ংকৰ হৈ পৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে কোনো কাৰণতে পৃথক বড়ো ৰাজ্য গঠন কৰিবলৈ দিয়া নহ’ব।

তেওঁ লগতে বি টি চি এলেকাত বসবাস কৰা  অবড়ো লোকেসকলে   নিৰাপত্তাহীনতাত ভুগিছে বুলি উল্লেখ কৰি তেওঁলোকে ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ আৰু সাংস্কৃতিক অধিকাৰ হেৰুৱাইছে বুলি মত পোষণ কৰে।

‘’আমি বড়োলেণ্ড নিবিচাৰো। আমি অসমৰ সৈতে থাকিব বিচাৰো। কেন্দ্ৰীয় চৰকাৰে বিটিচিক অধিক শক্তিশালী কৰিব বিচৰাটো যুক্তিসংগত নহয়,’’-শৰণীয়াই কয়।

শৰণীয়াই লগতে কয়, ‘’মই সংসদৰ চলিত অধিৱেশনত বড়োলেণ্ডৰ বিষয়টো উত্থাপন কৰিম। মই ইয়াৰ বিৰোধিতা কৰিম কিয়নো বিটিএডিত বড়ো জনসংখ্যা মাত্ৰ ৩০ শতাংশহে। গতিকে সকলো অবড়ো গাঁও বিটিচিৰ পৰা প্ৰত্যাহাৰ কৰিব লাগে।‘’  তেওঁ অবড়ো লোকসকলে নিজৰ প্ৰাপ্য অধিকাৰ লাভ নকৰালৈকে সংগ্ৰাম অব্যাহত ৰখাৰ কথা সদৰী কৰে।

কোকৰাঝাৰৰ সাংসদগৰাকীয়ে লগতে ৰাজ্যখনৰ কোচ-ৰাজবংশী, আদিবাসী, কলিতা আৰু নাথ যোগী সম্প্ৰদায়ক অনুসূচীত জনজাতিৰ (ভৈয়াম) মৰ্যাদা দিয়াৰ দাবী তোলে।