NORTHEAST NOW (Assamese)

মাস্ক নিপিন্ধাৰ বাবেই মহিলাক ৰাজপথত বগৰাই বগৰাই প্ৰহাৰ আৰক্ষীৰ, ক’ত?

May 20, 2021 7:40 pm · এন ই নাও নিউজ

ক’ৰ’নাই মহাতংকৰ সৃষ্টি কৰা দেশৰ বিভিন্ন ৰাজ্যত এতিয়া চলি আছে লকডাউন। লকডাউনৰ সময়ত ৰাজ্যই ৰাজ্যই আৰক্ষী অধিক কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে।

বহু ঠাইত কোভিড বিধি উলংঘা কৰা লোকক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ঘটনাও ঘটিছে। এনে সময়তে মধ্যপ্ৰদেশত মাস্ক নিপিন্ধাৰ অভিযোগত এগৰাকী মহিলাক তেওঁৰ কন্যাৰ সন্মুখতে প্ৰহাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে।

বিশেষকৈ মহিলাগৰাকীক প্ৰহাৰ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীৰ বৰ্বৰতাক বহুতে গৰিহণা দিয়াও দেখা গৈছে।

মধ্যপ্ৰদেশৰ সাগৰ জিলা নিবাসী মহিলাগৰাকীয়ে তেওঁৰ কন্যাৰ সৈতে গৈছিল মুচীৰ ওচৰলৈ। তেওঁ মাস্ক পৰিধান কৰা নাছিল। সেইবাবেই মহিলাগৰাকীৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী।

কেৱল মহিলা আৰক্ষীয়েই নহয়, পুৰুষ আৰক্ষীয়েও মহিলাগৰাকীক আক্ৰমণ কৰে। আৰক্ষীয়ে আনকি মহিলাগৰাকীৰ চুলিত ধৰি টনাৰো চেষ্টা কৰে।

মহিলাগৰাকীক চলোৱা আৰক্ষীৰ এনে অমানুষিক অত্যাচাৰৰ ভিডিঅ’ কোনোৱাই ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়ে।

ইয়াৰ পিছতে আৰক্ষীৰ বৰ্বৰতাকলৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে প্ৰশ্ন কৰিছে আৰক্ষীয়ে মহিলাগৰাকীক জৰিমনা বিহিব পাৰিলেহেঁতেন যদিও সেয়া নকৰি অত্যাচাৰ কৰাটো মুঠেও ভাল কথা হোৱা নাই।

মহিলা এগৰাকীক পুৰষ আৰক্ষীয়ে অত্যাচাৰ কৰাৰ বিষয়টোকো বহুতে সহজ ভাবে ল’ব পৰা নাই।

Related News