• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাস্ক নিপিন্ধাৰ বাবেই মহিলাক ৰাজপথত বগৰাই বগৰাই প্ৰহাৰ আৰক্ষীৰ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2021 7:40 pm
mp
410
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাই মহাতংকৰ সৃষ্টি কৰা দেশৰ বিভিন্ন ৰাজ্যত এতিয়া চলি আছে লকডাউন। লকডাউনৰ সময়ত ৰাজ্যই ৰাজ্যই আৰক্ষী অধিক কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে।

বহু ঠাইত কোভিড বিধি উলংঘা কৰা লোকক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ঘটনাও ঘটিছে। এনে সময়তে মধ্যপ্ৰদেশত মাস্ক নিপিন্ধাৰ অভিযোগত এগৰাকী মহিলাক তেওঁৰ কন্যাৰ সন্মুখতে প্ৰহাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে।

বিশেষকৈ মহিলাগৰাকীক প্ৰহাৰ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীৰ বৰ্বৰতাক বহুতে গৰিহণা দিয়াও দেখা গৈছে।

মধ্যপ্ৰদেশৰ সাগৰ জিলা নিবাসী মহিলাগৰাকীয়ে তেওঁৰ কন্যাৰ সৈতে গৈছিল মুচীৰ ওচৰলৈ। তেওঁ মাস্ক পৰিধান কৰা নাছিল। সেইবাবেই মহিলাগৰাকীৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী।

কেৱল মহিলা আৰক্ষীয়েই নহয়, পুৰুষ আৰক্ষীয়েও মহিলাগৰাকীক আক্ৰমণ কৰে। আৰক্ষীয়ে আনকি মহিলাগৰাকীৰ চুলিত ধৰি টনাৰো চেষ্টা কৰে।

মহিলাগৰাকীক চলোৱা আৰক্ষীৰ এনে অমানুষিক অত্যাচাৰৰ ভিডিঅ’ কোনোৱাই ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়ে।

ইয়াৰ পিছতে আৰক্ষীৰ বৰ্বৰতাকলৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে প্ৰশ্ন কৰিছে আৰক্ষীয়ে মহিলাগৰাকীক জৰিমনা বিহিব পাৰিলেহেঁতেন যদিও সেয়া নকৰি অত্যাচাৰ কৰাটো মুঠেও ভাল কথা হোৱা নাই।

মহিলা এগৰাকীক পুৰষ আৰক্ষীয়ে অত্যাচাৰ কৰাৰ বিষয়টোকো বহুতে সহজ ভাবে ল’ব পৰা নাই।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd