নিজৰ সমষ্টিত “নিৰুদ্দেশ” পোষ্টাৰ ওলমোৱাক কেন্দ্ৰ কৰি কি ক’লে সাংসদ প্ৰদ্যুত বৰদলৈয়ে?

পোষ্টাৰ ওলমোৱাক কেন্দ্ৰ কৰি তৃপ্তি পালে প্ৰদ্যুতে; কিন্তু কিয়? নগাঁও সদৰ থানাত গোচৰ যুৱ কংগ্ৰেছী আৰু এনএছয়ুআইৰ

আজি হঠাৎ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও টাউনত ‘প্ৰদ্যুত বৰদলৈ নিৰুদ্দেশ’ শীৰ্ষক পোষ্টাৰ নিশাটোৰ ভিতৰতে কোনো অজ্ঞাত লোকে আঁৰি থৈ গৈছিল।

তাক লৈ নগাঁৱৰ কংগ্ৰেছীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই কাণ্ডক লৈ স্বয়ং প্ৰদ্যুত বৰদলৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত তেওঁ কয় ‘নগাঁৱত হঠাতে আমোদজনক ঘটনা এটা ঘটিল। মোৰ বিৰুদ্ধে পোষ্টাৰ লাগিছে। যোৱা ফেব্ৰুৱাৰি মাহৰ পৰা দিল্লীত সংসদৰ অধিৱেশন আৰম্ভ হৈছে। তাৰ মাজতো মই গৈ নগাঁৱৰ সমষ্টিবাসীৰ লগত আছিলো। তাৰ মাজতে পুনৰ ঘূৰি আহি সংসদৰ বাজেট অধিৱেশনত অংশগ্ৰহণ কৰিছিলো যদিও অধিৱেশনখন স্থগিত ৰখা হৈছিল।‘

‘ল’কডাউন ঘোষণা কৰাৰ ফলত ৰেইল সেৱা, বিমান সেৱাকে ধৰি সকলো পৰিবহণ সেৱা বাতিল হোৱাৰ বাবে অসমলৈ উভটি যোৱাৰ কোনো সুবিধা নাথাকিল।‘ তেওঁ লগতে কয়।

ইপিনে, অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ পইচাৰে ভাড়া কৰা এখন বিশেষ বিমানৰে সৈতে বাচি বাচি বিজেপিৰ অসমৰ সাংসদসকলক অসমলৈ লৈ আনে বুলি উল্লেখ কৰি বৰদলৈয়ে কয় ‘যাৰ ফলত বিৰোধী দলৰ সাংসদসকল দিল্লীতে আৱদ্ধ হৈ থাকিবলগীয়া হ’ল।‘

ইয়াৰোপৰি, দিল্লীত থকাৰ সময়ত তথা ল’কডাউনৰ সময়ছোৱাত সমষ্টিটোৰ তিনিখন জিলাৰ ২০ হাজাৰ দুৰ্দশাগ্ৰস্থ পৰিয়ালক যোৱা ডেৰমাহ ধৰি সাহায্য প্ৰদান কৰি অহা বুলি দাবী কৰে বৰদলৈয়ে।

তেওঁ আৰু কয় ‘নগাঁও সমষ্টিৰ প্ৰায় ২৫ হাজাৰ শ্ৰমিক দেশৰ বিভিন্ন প্ৰান্তত ল’কডাউনৰ বাবে আৱদ্ধ হৈ পৰাৰ ফলত তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছিল। তেওঁলোকৰ লগতো বিভিন্নধৰণে সমন্বয় ৰক্ষা কৰি বিশেষভাৱে সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছিল।‘

আনহাতে. ১৯ মে’ৰ দিনা মিজোৰামৰ এগৰাকী সাংসদৰ লগত অসমলৈ ৰাস্তাৰে উভটি অহাৰ সময়ত উত্তৰপ্ৰদেশত শ্ৰমিকসকলে গাড়ী মটৰ ভঙাৰ বাবে পুনৰ দিল্লীলৈ উভটাই পঠালে বুলি তেওঁ সদৰী কৰে।

অহা ২৬ মে’ৰ দিনা অসমত আহি উপস্থিত হ’ব বুলি সাংসদগৰাকীয়ে জানিবলৈ দি লগতে কয় ‘যিখিনি কোৱাৰেন্টাইনৰ নীতি নিয়ম আছিল সেইখিনি পালন কৰি সমষ্টিবাসীৰ কাষত উপস্থিত হ’ম।‘

ইপিনে, তেওঁৰ বিৰুদ্ধে পোষ্টাৰ মৰা কাৰ্যত তৃপ্তি লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয়, ‘কিয়নো আমাৰ অন্য সাংসদসকলো অসমত ল’কডাউনৰ সময়ছোৱাত উপস্থিত হ’ব পৰা নাছিল যদিও তেওঁলোকে বাছি বাছি মোকেই আক্ৰমণৰ লক্ষ্য কৰি লৈছে তাৰ নিশ্চয় কিবা কাৰণ আছে।‘

আনহাতে, এই ঘটনাৰ গৰিহণা দিয়ে নগাঁও জিলা যুৱ কংগ্ৰেছ আৰু এনএছয়ুআইয়ে। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকা আৰু নগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভাস্কৰ গোস্বামীয়ে এই ঘটনাৰ উচিত তদন্ত দাবী কৰি নগাঁও সদৰ থানাত এক গোচৰ ৰুজু কৰে।