ক’ৰ’নাৰ বিৰুদ্ধে যুঁদ্ধৰ বাবে সাহায্য ঘোষণা সাংসদ কুইন ওজা আৰু কামাখ্যা প্ৰসাদ তাছাৰ

queen Ojha

কুইন ওজা। ফাইল ফটো

নভেল ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰধান মন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি ১ লাখ টকাৰ সাহায্য আগবঢ়াই সাংসদ কুইন ওজাই।

গুৱাহাটীৰ সাংসদ গৰাকীয়ে  মাহিলী বেতনৰ ১ লাখ টকা আৰু সাংসদ পুঁজিৰ  ১ কোটি টকা প্ৰধান মন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায়।

এই বৰঙণিয়ে দেশৰ জনগণক কিছু সকাহ প্ৰদান কৰিব বুলিও ফেইচবুকত মন্তব্য প্ৰকাশ কৰে সাংসদ গৰাকীয়ে।

উল্লেখযোগ্য যে, অসমৰ শাসক-বিৰোধী, জনপ্ৰতিনিধিসকলৰ লগতে চৰকাৰৰ কৰ্মচাৰীসকলেও ইতিমধ্যে এইক্ষেত্ৰত দান বৰঙণি আগবঢ়াইছে।

আজিৰ দিনটোত ১ কোটি ৫১ লাখ টকা আগবঢ়াই সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

যোৰহাটৰ সাংসদ গৰাকীয়ে নিজৰ সাংসদ পুঁজিৰ পৰা ১ কোটি ৫০ লাখ টকা আৰু মহিলী বেতনৰ পৰা ১ লাখ টকা সাহায্য হিচাপে আগবঢ়ায়।

ইয়াৰোপৰি, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ য়ে সাংসদ উন্নয়ন পুঁজিৰ পৰা ১ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাইও কালি সাংসদ পুঁজিৰ ১ কোটি টকা প্ৰদানৰ কথা ঘোষণা কৰাৰ লগতে নিজাববীয়াকৈ ১ লাখ টকা সাহায্য আগবঢ়ায়। বৰাৰ পত্নী মণিকা বৰাইও ৪০ হাজাৰ টকাৰ বৰঙণি আগবঢ়ায়।