NORTHEAST NOW (Assamese)

বিটিচিৰ কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰীলৈ ‘ড০ এ পি জে আব্দুল কালাম এক্সিলেন্স এৱাৰ্ড’

October 15, 2018 8:37 pm · চাজিদ খান
Updated: October 15, 2018 9:34 pm
বঁটা গ্ৰহণ কৰা মূহুৰ্তত বঞ্জাৰ দৈমাৰী ফটো : নৰ্থ-ইষ্ট নাও

বিটিচিৰ কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰীলৈ আগবঢ়োৱা হৈছে ‘ড০ এ পি জে আব্দুল কালাম এক্সিলেন্স এৱাৰ্ড ২০১৮’।  আজি দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত এক অনুষ্ঠানৰ মাজেৰে দৈমাৰীক উক্ত বঁটাটি প্ৰদান কৰা হয়।

ব্যক্তিগত সাফল্য তথা জনসাধাৰণৰ হিতৰ স্বাৰ্থত কৰি যোৱা কামৰ বাবেই দৈমাৰীলৈ এই বঁটাটি আগবঢ়োৱা হৈছে।

প্ৰাক্তন ৰাষ্ট্ৰদূত তথা বৈদেশিক মন্ত্ৰনালয়ৰ সচিব কে ভি প্ৰসাদে সভাপতিত্ব কৰা আজিৰ এই বঁটা বিতৰণী অনুষ্ঠানত ছত্তিশগড় আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেণেণ্ট জেনেৰেল কেএম শেঠে উক্ত বঁটাটি দৈমাৰীক প্ৰদান কৰে।

আজিৰ এই অনুষ্ঠানটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ছিকিমৰ প্ৰাক্তন ৰাজ্যপাল বি পি সিঙে। মেজৰ বেড প্ৰকাসো আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে।

ইফালে বিটিচিৰ কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰীয়ে এই সন্মানীয় বঁটাটি গ্ৰহণ কৰি আনন্দ পোৱা বুলি কোৱাৰ লগতে ভৱিষ্যতেও সৰ্বসাধাৰণ লোকৰ হৈ কাম কৰি যাবলৈ আজিৰ এই বঁটাটিয়ে অনুপ্ৰাণিত কৰিব বুলিও প্ৰকাশ কৰে।

Related News