• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজালী মহাবিদ্যালয়ত সংস্কৃত  বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আৰু সম্বৰ্ধনা অনুষ্ঠান

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
October 15, 2018 8:51 pm
IMG_20181015_202432 (1)
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বজালী মহাবিদ্যালয়ৰ সংস্কৃত  বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ উদ্যোগত ১৩-১০-২০১৮ ইং তাৰিখ শনিবাৰে ন-পুৰণি ছাত্ৰ-ছাত্ৰী সন্মিলন আৰু এটি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটো বিভাগীয় মুৰব্বী আৰু প্ৰাক্তন ছাত্ৰীসকলৰ এটি মংগলাচৰণেৰে আৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ড° চন্দনা শৰ্মাই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে উক্ত বিভাগৰে অধ্যাপিকা ড° ৰশ্মি দেৱীয়ে।

অনুষ্ঠানত মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক প্ৰয়াত বিশ্বেশ্বৰ গোস্বামী দেৱৰ স্মৃতিত স্মৃতি তৰ্পণ কৰে বিভাগীয় মুৰব্বী ড° ৰুণিমা শৰ্মাই আৰু মাল্যাৰ্পণ কৰে উক্ত বিভাগৰে অধ্যাপিকা ড° বনশ্ৰী চৰকাৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সম্পাদক হেমাংগ পাটগিৰীয়ে।

Apply Now

এই অনুষ্ঠানতেই মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ তিনিজনকৈ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক— ক্ৰমে তৰুণ মিশ্ৰ ভাগৱতী,  উমেশ শৰ্মা আৰু ড° খগেন্দ্ৰ নাথ দেৱ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে উমেশ শৰ্মাদেৱে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ আসনো অলংকৃত কৰিছিল। সম্বৰ্ধিত ব্যক্তিসকলে অনুষ্ঠানটোত অতি আৱেগিক হৈ পৰি কৈছিল যে এনে সম্বৰ্ধনা অনুষ্ঠান আৰু ন-পুৰণি ছাত্ৰ-ছাত্ৰী সন্মিলন বিভাগটোত পূৰ্বতে কেতিয়াও অনুষ্ঠিত হোৱা নাই,  এই অনুষ্ঠান বিভাগটোৰ পৰম্পৰা হোৱা উচিত।

অনুষ্ঠানত দুই শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলিত হৈ বিভিন্নজনে নিজৰ নিজৰ মনৰ অনুভৱ ব্যক্ত কৰাৰ উপৰিও মহাবিদ্যালয়ৰ অন্যান্য বিভাগৰ মুৰব্বী অধ্যাপক ক্ৰমে- দেৱপ্ৰসাদ মিশ্ৰ, শিৰীশ শৰ্মা,  ড° কৰুণামোহন শৰ্মা, হেম হালৈদেৱেও তেখেতসকলৰ মনৰ অনুভৱ ব্যক্ত কৰি অনুষ্ঠানটোৰ ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানটো পৰিচালনা কৰে বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান অসমীয়া বিভাগৰ অংশকালীন অধ্যাপক হীৰক জ্যোতি তালুকদাৰ আৰু সংস্কৃত বিভাগৰ প্ৰাক্তন ছাত্ৰী অনামিকা ৰয়ে। শেষত সন্মিলনীৰ সভাপতি সীমান্ত শৰ্মাই শলাগৰ শৰাই জ্ঞাপন কৰি অনুষ্ঠানটিৰ সামৰণি কৰে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd