NORTHEAST NOW (Assamese)

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় ধোনিৰ, সুৰেশ ৰাইনাৰো অৱসৰ

August 15, 2020 9:37 pm · এন ই নাও নিউজ
মহেন্দ্ৰ সিং ধোনী, উৎস-ইণ্টাৰনেট

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সৰ্বাধিক সফল অধিনায়ক, দুবাৰৰ বিশ্বকাপ জয়ী মহেন্দ্ৰ সিং ধোনিয়ে দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ দিনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছে।

ধোনিয়ে এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অৱসৰ ঘোষণা কৰাৰ কিছু সময় পিছতে আন এগৰাকী ক্ৰিকেটাৰ সুৰেশ ৰাইনায়ো ক্ৰিকেটক বিদায় জনাইছে।

“আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ। ১৯২৯ বজাৰ পৰা মোক অৱসৰপ্ৰাপ্তৰূপে বিবেচনা কৰিব,” ধোনিয়ে অৱসৰ ঘোষণা কৰি কৰা পোষ্ট।

ধোনিৰ পিছতে অৱসৰ ঘোষণা কৰি সুৰেশ ৰাইনায়ো এই যাত্ৰাত তেওঁৰ লগ দিয়াৰ কথা ঘোষণা কৰি ইনষ্টাগ্ৰাম পোষ্ট কৰে।

আই পি এলত চেন্নাই চুপাৰ কিংছৰ অধিনায়ক ধোনিয়ে অৱশ্যে আগন্তুক আই পি এল ২০২০ত খেলিব বুলি আশা কৰা হৈছে।

ইয়াৰ পূৰ্বে ২০১৪ চনত অষ্ট্ৰেলিয়া ভ্ৰমণত মেলব’ৰ্ন টেষ্টৰ পিছত ধোনিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল।

তাৰোপৰি ২০১৭ চনৰ পৰা বিৰাট কোহলিয়ে ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টি২০ দলৰ নেতৃত্ব দি আহিছে।

ধোনিৰ সফল নেতৃত্বতে ভাৰতীয় দলে ২০০৭ চনত টি২০ বিশ্বকাপ, ২০১১ চনত এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনত চেম্পিয়নছ ট্ৰফি দখল কৰিছিল।

Related News