সমাগত ২০২১! বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া সকলো ৰাজনৈতিক দলৰ মাজত এতিয়া আৰম্ভ হৈছে তীব্ৰ বাক-বিতণ্ডা।
তাৰ মাজতে হাই ভল্টেজ ৰূপ পাইছে হিমন্ত বিশ্ব শৰ্মা, তৰুণ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ মাজত বাকযুদ্ধখন অধিক আকৰ্ষণীয় হৈ পৰিছে।
মৰিগাওঁত স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আছু কংগ্ৰেছ আরু মুখ্যমন্ত্ৰী পদটোক লৈঔ কেতবোৰ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
শৰ্মাৰ মুখত শুনা গ’ল প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ Who Is Badaruddin? ডাইল’গটো।
‘মোৰো দুখ লাগে ময়ো কংগ্ৰেছত আছিলো। তৰুণ গগৈয়ে Who Is Badaruddin? বুলি কৈ কৈ এতিয়া গোটেই কংগ্ৰেছটোকে আজমলময় কৰি দিলে গতিকে ১৫ বছৰে এন্টি আজমল বুলি কৈ কৈ গালি পাৰি অহাটো পাহৰি যাব লাগে।‘ তৰুণ গগৈক কটাক্ষ কৰি এইধৰে কয় মন্ত্ৰীগৰাকীয়ে।
ইপিনে, তৰুণ গগৈয়ে নিজকে প্ৰাক্তন মুখ্য মন্ত্ৰী বুলি ক’বই নালাগে বুলি দাবী কৰি তেওঁ লগতে কয় ‘প্ৰাক্তন মুখ্য মন্ত্ৰী এন্টি আজমল কৰি কৰিহে হৈছিল।এতিয়া ৰাজীৱ ভৱনটো আজমল ভৱন হৈ যাব।‘
ইপিনে, লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত হিমন্তবিশ্ব শৰ্মাক কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ তেওঁ কয় ‘লুৰিণজ্যোতি গগৈৰ শব্দৰ চোক ইমানেই বেছি তেওঁ শংকৰদেৱ সংঘকো মান্যতা নিদিয়ে।
যদি মোৰ গাত মন্ত্ৰীৰ পোছাক নাথাকে আৰু ফিল্ডত যদি সকলো একেলগে আহে তেন্তে বেয়া কথা কোৱা প্ৰতিযোগিতাত ময়ো যুঁজ দিব পাৰো।‘
‘কিন্তু বেয়া কথা কোৱাৰ প্ৰতিযোগিতা মানুহক নালাগে।
লুৰিণজ্যোতি গগৈ উঠি অহা ল’ৰা। কিন্তু তেওঁৰ গোটেই কথাখিনি আন এজন নেতাক অনুসৰণ কৰিব চেষ্টা কৰি আছে।
দুয়োজনৰ মাজত কোনজন বেয়া কথা কোৱাত আগত যাব পাৰে।‘ লুৰিণজ্যোতি গগৈক সমালোচনা কৰি এইদৰে কয় হিমন্তই।
ইপিনে, বেয়া শব্দ কোৱাৰ প্ৰতিযোগিতা মানুহে ভাল নাপায় বুলি উল্লেখ কৰি তেওঁ লগতে লুৰিণজ্যোতি গগৈৰ প্ৰতি আহ্বান জনাই কয় ‘যদি বেয়া কথা কোৱাৰ প্ৰতিযোগিতা পাতে তেন্তে আমাৰ ল’ৰা আমি পঠাই দিম তেওঁৰ লগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।‘
আছুক প্ৰত্যাহ্বান জনাই হিমন্তই কয় ‘২০২১ ৰ নিৰ্বাচনে প্ৰমাণ কৰিব আছু বেছি জনপ্ৰিয় নে আমি বেছি জনপ্ৰিয়। আছু ক’ত আৰু আমি ক’ত? আছুৱে এই প্ৰতিযোগিতাখনত আহিব নালাগিছিল।‘
ইপিনে, কালি তেওঁৰ সতীৰ্থ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘বিজেপিৰ ৪২ লাখ লোকৰে মুখ্য মন্ত্ৰী হোৱাৰ যোগ্যতা আছে।
মুখ্য মন্ত্ৰী হোৱাৰ কাৰণে চন্দ্ৰগ্ৰহত জন্মগ্ৰহণ কৰিব নালাগে।‘
‘পিযুষ হাজৰিকাৰো মুখ্য মন্ত্ৰী হোৱাৰ যোগ্যতা আছে মোৰো আছে।
কিন্তু হ’ব কোনে পাৰে সেয়া ভগবানেহে ঠিক কৰি দিব। অসমৰ ৩ কোটি মানুহৰে মুখ্য মন্ত্ৰী হোৱাৰ যোগ্যতা আছে।‘ হিমন্তই লগতে কয়