অমিত শ্বাহৰে ঘনিষ্ঠ মুহূৰ্তৰ ছবি, বিজেপিলৈ আহিব নেকি এম এছ ধোনী?

এখন ছবিয়ে এতিয়া ইণ্টাৰনেটত খলকনি তুলিছে। ছবি খন চাই বহুতে সুধিছে- ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা চেন্নাই চুপাৰ কিংছৰ অধিনায়ক এম এছ ধোনীয়ে বিজেপিত যোগান কৰিব নেকি? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ধোনীয়ে উঠা ফটো শনিবাৰে ইণ্টাৰনেটত ভাইৰেল হৈ পৰে।

 নেটিজেনসকলে ভাবিবলৈ আৰম্ভ কৰিছে যে ধোনীয়ে ৰাজনীতিত যোগদান কৰাটো নিশ্চিত। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোখনত ধোনীক অমিত শ্বাহৰ সৈতে হাত মিলাই থকা দেখা গৈছে। অনুষ্ঠানটো ইণ্ডিয়া চিমেণ্টছৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপনৰ অনুষ্ঠান বুলি জানিব পৰা গৈছে।

এই চিমেণ্ট কোম্পানীটো বিচিচিআইৰ প্ৰাক্তন সভাপতি এন শ্ৰীনিবাসনৰ মালিকানাধীন। শ্ৰীনিবাসন আই পি এলৰ ধোনীয়ে অধিনায়কত্ব কৰা চেন্নাই চুপাৰ কিংছৰো গৰাকী। ধোনী আৰু শ্বাহৰ সৈতে অনুষ্ঠানটোত উপস্থিত আছিল তামিলনাডুৰ ৰাজ্যপাল আৰ.এন. ৰবিও ।

অনুষ্ঠানটোত উপস্থিত থকাৰ উদ্দেশ্যে শ্বাহে ব্যক্তিগতভাৱে নতুন দিল্লীৰ পৰা চেন্নাইলৈ উৰা মাৰিছিল। বিজেপিৰ ৰাজ্যিক সভাপতি এল মুৰুগান আৰু বিজেপিৰ অন্যান্য শীৰ্ষ নেতাসকলে তেওঁক বিমানবন্দৰতে আদৰণি জনায়। উল্লেখ্য আটাইতকৈ বেছি আইচিচি ট্ৰফী জিকাৰ অভিলেখৰ সৈতে ধোনী হৈছে ভাৰতৰ আটাইতকৈ সফল অধিনায়ক।

উইকেটকিপাৰ বেটছমেনজনে ভাৰতক ২০১১ চনত ৫০ অভাৰৰ বিশ্বকাপ, ২০০৭ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত টি-২০ বিশ্বকাপ আৰু ২০১৩ চনত ইংলেণ্ডত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীত বিজয়ৰ নেতৃত্ব দিছিল।