NORTHEAST NOW (Assamese)

এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতিত মহেন্দ্ৰ সিং ধোনী

September 17, 2021 10:36 am · এন ই নাও নিউজ, গুৱাহাটী

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতিত মহেন্দ্ৰ সিং ধোনীৰ নাম। এনচিচিক পুনৰ্গঠন কৰাৰ বাবে প্ৰস্তুত কৰা এই সমিতিত ধোনীৰ লগতে উদ্যোগপতি আনন্দ মহিন্দ্ৰাও আছে।

সময়ৰ সৈতে খাপ খুৱাই এনচিচিৰ পুনৰ্গঠন কৰিব পৰা যায় তাৰবাবেই কেন্দ্ৰই গঠন কৰিছে এই বিশেষজ্ঞ সমিতি। সমিতিখনত মুঠ ১৫গৰাকী সদস্য আছে।

বিগত বৰ্ষৰ ১৫ আগষ্টত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনীক এইবছৰ অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত টীম ইণ্ডিয়াৰ মেন্টৰ নিয়োগ কৰা হৈছে।

তাৰ পাছতেই এইবাৰ এনচিচি পুনৰ্গঠনৰ বাবে সৃষ্টি কৰা প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সমিতিতো স্থান লাভ কৰিলে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক ‘কেপ্টেইন কুল’ মহেন্দ্ৰ সিং ধোনীয়ে।

উল্লেখ্য যে ধোনী টেৰিটৰিয়েল আৰ্মিৰ অ’নাৰেৰী কৰ্ণেল আৰু তেওঁ ভাৰতীয় সেনা বাহিনীৰ প্ৰসিদ্ধ পেৰছ্যুট ৰেজিমেন্টত এমাহৰ প্ৰশিক্ষণো লৈছে।

আনহাতে, দেশৰ বিশিষ্ট উদ্যোগপতি আনন্দ মহিন্দ্ৰাই তেওঁৰ ব্যৱসায়ৰ জৰিয়তে দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছে। তেওঁৱো এই সমিতিত স্থান লাভ কৰিছে।

Related News