চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

MS Dhoni

হয়তো কোনেও কব নোৱাৰে মহেন্দ্ৰ সিং ধোনী কি ধাতুৰে তৈয়াৰি! যি বয়সত এজন ক্ৰিকেটাৰে সন্ন্যাস লয়, কোচিঙক পেছা হিচাপে বাছি লোৱাৰ চিন্তা কৰে, সেই বয়সত উপনীত হৈও মাহীয়ে খেলি থাকিব! অধিনায়কত্বও কৰিব! আৰু সেইটোও ফিটনেছ-ফৰ্ম অক্ষুন্ন ৰাখি?

আপোনালোকে সঠিককৈ শুনিছে আৰু সঠিককৈ চিন্তাও কৰিছে। মহেন্দ্ৰ সিং ধোনীৰ আই পি এল কেৰিয়াৰ এইবাৰ একেবাৰে শেষ হৈ যোৱা নাই। পৰৱৰ্তী আই পি এলতো দেখা যাব মাহী ওৰফে থালাক। চেন্নাই ছুপাৰ কিংছৰ হালধীয়া জাৰ্চি পিন্ধি আকৌ নামিব খেলপথাৰত। আৰু কৰিব কেপ্তেইনচী।

চাৰিবাৰৰ আই পি এল বিজয়ী চেন্নাইৰ বাবে এইবাৰৰ আই পি এল সুখকৰ নহ’ল। প্লে অফৰ দৌৰৰ বহু আগতেই বাহিৰ হৈছে মাহীৰ চি এছ কে। কেতিয়াবা কেপ্তেইনক লৈ বিতৰ্ক, ৰবীন্দ্ৰ জাদেজাক লৈ হুলস্থুল, আম্বতী ৰায়ুডুৰ অৱসৰক লৈ নাটক।

কিন্তু শুকুৰবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অন্তিমটো খেলৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীয়ে যি কলে, তাৰ পিছত হালধীয়া জাৰ্চিৰ অনুৰাগীসকলে এইবাৰৰ আই পি এলৰ ব্যৰ্থতাৰ বেদনা পাহৰি যোৱা উচিত। তেওঁলোকৰ প্ৰিয় ‘থালা’ অহাবাৰো খেলপথাৰত নামিব, সেয়াও অধিনায়ক হিচাপে।

ৰাজস্থানৰ সৈতে মেচখন আৰম্ভ হোৱাৰ পূৰ্বে সঞ্চালকসকলে ধোনীক সুধিছিল যে অহা বছৰো আইপিএল- ত তেওঁক দেখা যাব নেকি? দুবাৰৰ বিশ্ব চেম্পিয়ন অধিনায়কগৰাকীৰ বাবে এই প্ৰশ্নটো সম্পূৰ্ণ নতুন নহয়। কাৰণ তেওঁ যোৱা দুবছৰ ধৰি একেটা প্ৰশ্নৰ সন্মুখীন হৈছে।

এটা এটাকৈ আই পি এল চিজন শেষ হৈছে, আৰু অনিবাৰ্যভাৱে প্ৰশ্নটো সোধা হৈছে ধোনীলৈ, এম এছ, অহাবাৰ খেলিবনে? একেটা প্ৰশ্নৰ উত্তৰ দি ধোনীয়ে ধেমালিতে ক’লে, “অৱশ্যেই মই অহা বছৰ খেলিম।” কাৰণ, চেন্নাইক সঠিকভাৱে ধন্যবাদ জ্ঞাপন নকৰাকৈ যোৱাটো ঠিক নহ’ব৷ চেন্নাইৰ সমৰ্থকৰ লগত মই এনে কৰিব নোৱাৰো।”

ধোনীৰ বয়স এতিয়া একচল্লিশ বছৰ। অহা বছৰ তেওঁৰ বিয়াল্লিশ বছৰত ভৰি দিব৷ বিগত সময়তো চল্লিছ ঊৰ্ধ্বৰ খেলুৱৈয়ে কঁপাই গৈছে ক্ৰীড়া জগত। ৪২ বছৰ বয়সত ৰজাৰ মিলাই বিশ্বকাপ খেলিছে।

একচল্লিশ বছৰত হাতত বেট লৈ বিপক্ষৰ বলাৰক ত্ৰাহি মধুসূধন দেখুওৱা শ্ৰীলংকাৰ অপেনাৰ বেটাৰ সনথ জয়সূৰ্যক কোনে পাহৰিব পাৰে! নাইবা চল্লিশ বছৰ বয়সত আই পি এল- ৰ দৰে মেগা টুৰ্ণামেণ্টত আত্মপ্ৰকাশ কৰি স্পীন ঘূৰ্ণীৰে বেটাৰক শলঠেকত পেলোৱা প্ৰবীণ তাম্বেক পাহৰা সম্ভৱ জানো!

ৰজাৰ ফেডাৰেৰে চল্লিশৰ দশকতো টেনিছ এৰি দিয়া নাছিল। টাইগাৰ উডছে তিৰাল্লিশ বছৰ বয়সতো গল্ফৰ জগতখনত শাসন অব্যাহত ৰাখিছে।

এনে কিছু ক্ৰীড়া তাৰকাৰ দৰেই ধোনীয়েও বুজাই দিছে যে প্ৰয়োজনীয় ফিটনেছ আৰু ইচ্ছাশক্তি থাকিলে চল্লিশৰ পিছতো খেলি থাকিব পাৰি। কেৱল খেলাই নহয়, সমৰ্থকৰ মনত শান্তি দিব পৰাকৈ প্ৰদৰ্শনো আগবঢ়াওক থালাই।