প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাৰ বাবে নিয়োজিত হ’ব মুধোল হাউণ্ড কুকুৰ, কি এই মুধোল হাউণ্ড কুকুৰ

মুধোল হাউণ্ড কুকুৰ। ক্ষীণকায় এই কুকুৰবিধে বহু দূৰলৈ খেদি গৈ গ’লেও শত্ৰুক ধৰাশায়ী কৰিব পাৰে। প্ৰায় তিনি কিলোমিটাৰ দূৰৈৰ পৰাই গোন্ধ পোৱা এই কুকুৰ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাত ব্যৱহাৰ হ’ব।

শেহতীয়াকৈ চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি মুধোল হাউণ্ড কুকুৰ এতিয়া প্ৰধানমন্ত্ৰীৰ বিশেষ সুৰক্ষা গোট বা এছপিজিত অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াৰ বাবে এনে কুকুৰবোৰক চাৰি মাহৰ অতি কঠোৰ প্ৰশিক্ষণ দিয়া হ’ব।

ছত্ৰপতি শিৱাজী মহাৰাজৰ সৈন্যবাহিনীত এই মুধোল হাউণ্ডে যথেষ্ট সাহসিকতা দেখুৱাইছিল। এতিয়া এই কুকুৰবোৰ প্ৰধানমন্ত্ৰী মোডীৰ নিৰাপত্তাৰ বাবে সাজু কৰি তোলা হৈছে।

মুধোল হাউণ্ড কুকুৰৰ বিশেষত্ব হ’ল ইয়াৰ তীক্ষ্ণ দৃষ্টি, সাহসিকতা আদি।

মুধোল হাউণ্ড কুকুৰবোৰ সাধাৰণতে ওখ হয়। এই কুকুৰবোৰ দীঘল আৰু ওখ শৰীৰৰ হোৱাৰ লগতে অতি চঞ্চল হয়। কুকুৰবোৰৰ শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাও বহু বেছি হয় বুলি কোৱা হৈছে।