NORTHEAST NOW (Assamese)

অষ্ট্রেলিয়াত নীলামত ৪৩.৫লাখ টকাত বিক্ৰী হ’ল মোগল যুগৰ স্বৰ্ণ মুদ্ৰা

August 24, 2020 12:12 pm · এন ই নাও নিউজ
ফটো: ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

মোগল যুগৰ দুটা বিৰল স্বৰ্ণ মুদ্ৰা অষ্ট্ৰেলিয়াত হোৱা এক নীলামত ৪৩.৫লাখ টকাত বিক্ৰী হৈছে।

উক্ত মুদ্ৰা দুটা প্ৰাক্ স্বাধীনতা কালত নিজাম প্ৰশাসনৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিৰ জিম্মাত আছিল।

বৰ্গাকৃতিৰ স্বৰ্ণ মুদ্ৰা দুটাৰ এটাৰ ওজন প্ৰায় ১৪গ্ৰাম আৰু ১৬০৭খ্ৰীষ্টাব্দত লাহোৰত তৈয়াৰ কৰা হৈছিল।

যোৱা ৩০ জুলাইত অষ্ট্ৰেলিয়াস্থিত নব’ল নুমিছমেটিকছ পাইভেট লিমিটেডে ইয়াৰ নীলাম কৰে।

ৱেবছাইটৰ ইয়াৰ উপলব্ধ কেটেলগ’ত মুদ্ৰা দুটাৰ বিৱৰণ দিয়া হৈছে,’’২৫শতাংশ অধিক ভৰ বিশিষ্ট বিশেষ গধূৰ মুদ্ৰাটো তেওঁৰ (জাহাংগীৰৰ) শাসনৰ প্ৰথম ভাগত জাৰি কৰা হৈছিল।‘’

মুদ্ৰাৰ আনটো পিঠিত কাব্যিকতাৰে (পাৰ্ছীত) লিখা ৰৈছে,’’তেওঁ মুদ্ৰাটোৰ মুখখন সূৰ্য আৰু চন্দ্ৰৰ আভাৰে উজলাই তুলিছিল।‘’

নীলামৰ বৰ্ণনাত কোৱা হৈছে যে এই মুদ্ৰা ‘নিজামৰ বিত্তীয় পৰামৰ্শদাতা তাৰাপ’ৰেভালা’ৰ জিম্মাত আছিল।

বুৰঞ্জীবিদসকলে এই বৰ্ণনাক ভুল বুলি কৈছে আৰু ইয়াৰ পৰিৱৰ্তে সেয়া নিজাম সেনাৰ কেপ্টেইন বি এছ  তাৰাপ’ৰেভালা’ৰ জিম্মাতহে হ’ব লাগে বুলি কৈছে।

কেপ্টেইন বি এছ  তাৰাপ’ৰেভালা’ৰ  প্ৰায় ১,০০০মুদ্ৰাৰ দেশৰ ভিতৰতে এক বৃহৎ সংগ্ৰহ আছিল যাৰ অধিকাংশ দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ে পাছত সংগ্ৰহৰ বাবে লৈছিল।

এই মুদ্ৰা কেনেকৈ বিদেশ পালেগৈ সেয়া অৱশ্যে জানিব পৰা হোৱা নাই যদিও মোগলৰ স্বৰ্ণ মুদ্ৰাসমূহৰ চোৰাং কাৰবাৰ এক দীৰ্ঘদিনীয়া সমস্যা।

বাতৰি অনুসৰি, সত্তৰৰ দশকত দেশখনৰ পৰা অভিযোগ অনুসৰি চোৰাংভাৱে ওলাই যোৱা মোগলৰ স্বৰ্ণ মুদ্ৰা হৰলুকিৰ গোচৰটো চিবিআইয়ে পুনৰ মুকলি কৰিছে।

Related News