তৈল খণ্ডৰ পৰা আৰম্ভ কৰি টেলিকম খণ্ডলৈ সমানে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানী বিশ্বৰ পঞ্চম স্থানত থকা ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে।
বিশ্ব বিখ্যাত আলোচনী ফ’ৰ্বছে প্ৰকাশ কৰা বিশ্ব ধনী ব্যক্তিৰ তালিকাত পঞ্চম স্থানত থকা মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭৫ বিলিয়ন মাৰ্কিন ডলাৰ।
ভাৰতীয় মুদ্ৰাৰ হিচাপত এই ধনৰ পৰিমাণ প্ৰায় ৫,৬১ লাখ কোটি টকা।
মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ পূৰ্বতকৈ ৪.৪৯ শতাংশ বৃদ্ধি পাইছে।
আম্বানীয়ে মাৰ্কিন উদ্যোগপতি ৱাৰেন বাফেটক চেৰ পেলাবলৈ সক্ষম হৈছে। বাফেটৰ সম্পত্তিৰ পৰিমাণ ৭২.২ বিলিয়ন মাৰ্কিন ডলাৰ
১৮৫.৮ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সম্পত্তিৰে তালিকাৰ প্ৰথম স্থান অধিকাৰ কৰিছে আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজছে।
তালিকাৰ চতুৰ্থ স্থানত থকা ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ হৈছে ৮৯ বিলিয়ন মাৰ্কিন ডলাৰ।
কিছুদিন পূৰ্বে ব্লুমবাৰ্গে প্ৰকাশ কৰা অৰ্থনৈতিক সমীক্ষাত চিলিকন ভেলীৰ সম্ৰাট ইলন মাস্ক,এলফাবেট ইন্টাৰনেছনেলৰ প্ৰতিষ্ঠাপক ছাৰ্গে ব্ৰিন আৰু লেৰী পেজক চেৰ পেলাই সম্পত্তিৰ দিশৰ পৰা বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তিৰ তালিকাৰ ষষ্ঠ স্থানত আৰোহণ কৰিছিল ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানীয়ে।
ব্লুমবাৰ্গে প্ৰকাশ কৰা অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৭২.৪ বিলিয়ন।
ইয়াৰ বিপৰীতে লেৰী পেজৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭১.৬ বিলিয়ন।বিশ্বৰ এগৰাকী ধনী ব্যক্তি ইলন মাস্কৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬৮.৬ বিলিয়ন।
ৱাৰেন বাফেটৰ সম্পত্তিৰ পৰিমাণ শেহতীয়াকৈ কিছু কমিছে ।
বিশেষকৈ তেওঁ দাতব্য প্ৰতিষ্ঠানক ২.৯ বিলিয়ন মাৰ্কিন ডলাৰ দান কৰাৰ পিছত তেওঁৰ সম্পত্তিৰ পৰিমাণ কিছু হ্ৰাস পায়।
ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানীয়ে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই তেওঁৰ কোম্পানীটোক আগুৱাই নিয়া বুলি ব্লুমবাৰ্গৰ সমীক্ষাত কোৱা হৈছে।
ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজে শেহতীয়াকৈ ই-কমাৰ্চৰ বিষয়ত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।সেই বাবেই কোম্পানীটোৱে বিপুল পৰিমাণৰ লাভ অৰ্জন কৰিবলৈ সমৰ্থ হোৱা বুলি ব্লুমবাৰ্গৰ সমীক্ষাত প্ৰকাশ।
ইয়াৰ পূৰ্বেও ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানীয়ে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তিৰ তালিকাত স্থান লাভ কৰি আহিছে।