• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৱাৰেণ বাফেটক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ পঞ্চম স্থানত মুকেশ আম্বানী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 22, 2020 8:12 pm

2 min read

mukesh ambani
1.4k
VIEWS
Share on FacebookShare on Twitter

তৈল খণ্ডৰ পৰা আৰম্ভ কৰি টেলিকম খণ্ডলৈ সমানে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানী বিশ্বৰ পঞ্চম স্থানত থকা ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে।

বিশ্ব বিখ্যাত আলোচনী ফ’ৰ্বছে প্ৰকাশ কৰা বিশ্ব ধনী ব্যক্তিৰ তালিকাত পঞ্চম স্থানত থকা মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭৫ বিলিয়ন মাৰ্কিন ডলাৰ।

ভাৰতীয় মুদ্ৰাৰ হিচাপত এই ধনৰ পৰিমাণ প্ৰায় ৫,৬১ লাখ কোটি টকা।

মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ পূৰ্বতকৈ ৪.৪৯ শতাংশ বৃদ্ধি পাইছে।

আম্বানীয়ে মাৰ্কিন উদ্যোগপতি ৱাৰেন বাফেটক চেৰ পেলাবলৈ সক্ষম হৈছে। বাফেটৰ সম্পত্তিৰ পৰিমাণ ৭২.২ বিলিয়ন মাৰ্কিন ডলাৰ

১৮৫.৮ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সম্পত্তিৰে তালিকাৰ প্ৰথম স্থান অধিকাৰ কৰিছে আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজছে।

তালিকাৰ চতুৰ্থ স্থানত থকা ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ হৈছে ৮৯ বিলিয়ন মাৰ্কিন ডলাৰ।

কিছুদিন পূৰ্বে ব্লুমবাৰ্গে প্ৰকাশ কৰা অৰ্থনৈতিক সমীক্ষাত  চিলিকন ভেলীৰ সম্ৰাট ইলন মাস্ক,এলফাবেট ইন্টাৰনেছনেলৰ প্ৰতিষ্ঠাপক ছাৰ্গে ব্ৰিন আৰু লেৰী পেজক চেৰ পেলাই সম্পত্তিৰ দিশৰ পৰা বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তিৰ তালিকাৰ ষষ্ঠ স্থানত  আৰোহণ কৰিছিল ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানীয়ে।

ব্লুমবাৰ্গে প্ৰকাশ কৰা অৰ্থনৈতিক সমীক্ষাত  প্ৰকাশ পোৱা অনুসৰি মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৭২.৪ বিলিয়ন।

ইয়াৰ বিপৰীতে লেৰী পেজৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭১.৬ বিলিয়ন।বিশ্বৰ এগৰাকী ধনী ব্যক্তি ইলন মাস্কৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬৮.৬ বিলিয়ন।

ৱাৰেন বাফেটৰ সম্পত্তিৰ পৰিমাণ শেহতীয়াকৈ কিছু কমিছে ।

বিশেষকৈ তেওঁ দাতব্য প্ৰতিষ্ঠানক ২.৯ বিলিয়ন মাৰ্কিন ডলাৰ দান কৰাৰ পিছত তেওঁৰ সম্পত্তিৰ পৰিমাণ কিছু হ্ৰাস পায়।

ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানীয়ে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই তেওঁৰ কোম্পানীটোক আগুৱাই নিয়া বুলি ব্লুমবাৰ্গৰ সমীক্ষাত কোৱা হৈছে।

ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজে শেহতীয়াকৈ ই-কমাৰ্চৰ বিষয়ত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।সেই বাবেই কোম্পানীটোৱে বিপুল পৰিমাণৰ লাভ অৰ্জন কৰিবলৈ সমৰ্থ হোৱা বুলি ব্লুমবাৰ্গৰ সমীক্ষাত প্ৰকাশ।

ইয়াৰ পূৰ্বেও ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানীয়ে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তিৰ তালিকাত স্থান লাভ কৰি আহিছে।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd