ভাৰতত আছে মুঠ ১৩৮ গৰাকী আৰবপতি; সবাটোকৈ ধনী মুকেশ আম্বানী

20200224256L_1582728907638_1582728951884

মুকেশ আম্বানী। ফটো : এ এন আই

আৰ্থিক মন্দাৱস্থাই কোঙা কৰিলেও ২০১৯ চনত ভাৰতত আৰবপতিৰ সংখ্যা প্ৰতি মাহত তিনিজনকৈ বৃদ্ধি পাই মুঠ সংখ্যা হৈছেগৈ ১৩৮। আৰবপতিৰ সংখ্যাৰ তালিকাত চীন আৰু আমেৰিকাৰ পিছতে ভাৰত তৃতীয় স্থানত।

ভাৰতৰ সৰ্বাধিক ধনী ব্যক্তিগৰাকী হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানী। তেওঁৰ সৰ্বমুঠ সম্পত্তি হৈছে ৬৭ আৰব ডলাৰ। বিশ্বৰ সৰ্বাধিক ধনী ব্যক্তিৰ তালিকাত আম্বানীৰ স্থান নৱম।

যদি বিদেশত থকা ভাৰতীয় মূলৰ ব্যৱসায়ীসকলক অন্তৰ্ভুক্ত কৰা হয় তেন্তে আৰবপতিৰ তালিকাত ভাৰতৰ সংখ্যা ১৭০ জনলৈ বৃদ্ধি পাব।

হুৰুন গ্ল’বেল ৰিচ্চ লিষ্ট ২০২০ (Hurun Global Rich List 2020) অনুসৰি ৭৯৯ গৰাকী আৰবপতিৰে চীন তালিকাৰ এক নম্বৰত আৰু ৬২৬ গৰাকী আৰবপতিৰে তালিকাৰ দ্বিতীয় স্থানত আছে আমেৰিকা।

এক আৰব ডলাৰতকৈ অধিক সম্পত্তিৰ ব্যক্তিসকলক লৈ এই তালিকা প্ৰস্তুত কৰা হৈছে। প্ৰকাশিত তালিকা অনুসৰি বিশ্বত মুঠ আৰবপতিৰ সংখ্যা হৈছে ২,৮১৭ গৰাকী।

বিশ্বৰ সবাটোকৈ ধনী ব্যক্তিগৰাকী হৈছে এমাজন ডট কমৰ মুৰব্বী জেফ বেজোছ। তেওঁৰ সৰ্বমুঠ সম্পত্তি হৈছে ১৪০ আৰব ডলাৰ।

১০৭ আৰব ডলাৰেৰ তালিকাৰ দ্বিতীয় স্থানত এল এম বি এছৰ বৰ্ণাৰ্ড আৰনল্ট আৰু ১০৬ আৰব ডলাৰৰ সৈতে তৃতীয় স্থানত আছে মাইক্ৰ’ছফ্টৰ বিল গেটছ।

নতুনকৈ এই তালিকাত ৪৮০ গৰাকী আৰবপতি অন্তৰ্ভুক্ত হৈছে।

ভাৰতৰ ১৩৮ গৰাকীৰ ভিতৰত মুম্বাইত সৰ্বাধিক ৫০ গৰাকী, ৩০ গৰাকী দিল্লীত, ১৭ গৰাকী বেংগালুৰু আৰু ১২ গৰাকী আছে আহমদাবাদত।

আম্বানীৰ পিছতেই ২৭ আৰব ডলাৰৰ সৈতে ভাৰতৰ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত আছে এছ পি হিন্দুজাৰ পৰিয়াল। ১৭ আৰব ডলাৰৰ সৈতে তৃতীয় স্থানত আছে গৌতম আদানী।

আনহাতে কোটক বেংকৰ উদয় কোটকৰ মুঠ সম্পত্তি ১৫ আৰব ডলাৰ আৰু তেওঁ ভাৰতৰ ৬ নম্বৰ ধনী ব্যক্তি।

উল্লেখ্য যে সম্পূৰ্ণ নিজা প্ৰয়াসেৰে বিশ্বৰ এক নম্বৰ বেংকাৰ হোৱা ব্যক্তিজনেই হৈছে উদয় কোটক।