টুইটাৰত শ শ মুছলমানৰ নাগৰিকত্ব (সংশোধন) আইনক সমৰ্থন!

Fake Twitter accounts supporting CAB

নাগৰিকত্ব (সংশোধন) আইনৰ সমৰ্থন কৰি হঠাতে টুইটাৰত শ শ মুছলমান লোকক টুইট কৰা দেখা গৈছে।

এই টুইটবোৰৰ এটা বিশেষত্ব হৈছে আইনখন সমৰ্থন কৰি সকলোৱে প্ৰায় একেটা মন্তব্য প্ৰায় অবিকল ৰূপত টুইট কৰিছে।

“মই এজন মুছলমান। মই CAB বিধেয়ক সমৰ্থন কৰো। মই মোৰ মুছলমান ভাইসকলে দেশজুৰি আৰম্ভ কৰা প্ৰতিবাদক তীব্ৰ নিন্দা দিছো। তেওঁলোকে হয় বিধেয়কখন বুজি পোৱা নাই আৰু অভিপ্ৰায়ৰ দ্বাৰা পৰিচালিত হৈছে অথবা ৰাজনৈতিক উদ্দেশ্যত চৰকাৰক ভুলকৈ লক্ষ্য কৰি লৈছে। কিন্তু মই ইয়াক লৈ গৰ্বিত। জয় হিন্দ।”

শ শ টুইটাৰ য়ুজাৰে এই একেখিনি কথা শ্বেয়াৰ কৰাৰ পৰা এটা কথা ধাৰণা হয় যে এই টুইটটো বিশেষ এটা উৎসই প্ৰচাৰৰ বাবে “তৈয়াৰ” কৰিছে আৰু তাক প্ৰচাৰৰ বাবে ছ’চিয়েল মিডিয়া য়ুজাৰ একাংশৰ হাতত তুলি দিছে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভুৱা তথ্য, ইমেইজ, ভিডিঅ’ আদিৰ অসত্যতা উদঙাই দি অহাৰ ভূমিকাত থকা Altnews নামৰ পৰ্টেলটোৱে ইয়াক লৈ এটা বাতৰি কৰিছে, য’ত ৰাতিটোৰ ভিতৰতে শ শ টুইটাৰ হেণ্ডলৰ নাম সলনি হোৱা বুলি দাবী কৰা হৈছে।

পৰ্টেলটোৰ দাবী এই টুইটাৰ হেণ্ডলবোৰ ৰাতিটোৰ ভিতৰতে মুছলমান নামলৈ সলনি কৰা হৈছে আৰু পৰ্টেলটোৱে নিজৰ দাবীৰ সত্যতা প্ৰমাণ কৰিবলৈ এই টুইটাৰ হেণ্ডলবোৰ নাগৰিকত্ব বিধেয়কখন গৃহীত হোৱাৰ আগলৈকে যে হিন্দু লোকৰ আছিল সেইটো তথ্যসহ দেখুৱাইছে।

লোকসভা আৰু ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱাৰ পিছত যোৱা ১৩ ডিচেম্বৰত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ পিছত আইনত পৰিণত হয়।

আইনখনে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা অবৈধভাৱে দেশখনত প্ৰৱেশ কৰা ৫টা অমুছলমান সম্প্ৰদায়ৰ লোকক নাগৰিকত্ব দিয়াৰ দিহা কৰা হৈছে।

গোটেই দেশজুৰি আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে হিন্দুত্ববাদী শক্তিয়ে ইয়াৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত প্ৰচাৰ চলাবলৈ এইদৰে ভুৱা একাউণ্ট ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে।