ক্ৰমাগত আঠখন মেচত জয়ৰ মুখ নেদেখা নৰ্থ-ইষ্টৰ সম্মুখত আজি মুম্বাই এফ চি

previewm71mcfcvsneufc-1-1580390170

ক্ৰমাগত আঠখন মেচত জয়ৰপৰা বঞ্চিত হৈ থকা নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে আজি মুম্বাই চিটি এফ চিৰ মুখামুখি হ’ব। মেচখন অনুষ্ঠিত হ’ব মুম্বাই ফুটবল এৰেণাত।

উল্লেখ্য যে ইয়াৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হোৱা মুম্বাই আৰু নৰ্থ-ইষ্টৰ মাজৰ প্ৰথম লেগৰ মেচখন ২-২ গ’লত ড্ৰ হৈছিল।

নৰ্থ-ইষ্ট য়ুনাইটেডে যোৱা নৱেম্বৰত হাইদৰাবাদক পৰাস্ত কৰাৰ পিছৰে পৰা খেলা আঠখন মেচত জয়ৰ মুখ দেখা নাই।

১২ খন মেচৰ পৰা ১১ পইণ্টেৰে তালিকাৰ ন নম্বৰ স্থানত নৰ্থ-ইষ্টৰ বাবে প্লে অফত স্থান নিৰ্ধাৰণ কৰাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে।

উল্লেখ্য যে তাৰকা ষ্ট্ৰাইকাৰ জিয়ানে আঘাতৰ বাবে দলৰ পৰা আঁতৰি যোৱাৰ পিছৰে পৰা নৰ্থ-ইষ্টে সফলতাৰ মুখ দেখা নাই।

ইফালে আজিৰ মেচখন মুম্বাইৰ বাবেও গুৰুত্বপূৰ্ণ। সম্প্ৰতি ২০ পইণ্টেৰে তালিকাৰ পঞ্চম স্থানত থকা দলটোৱে আজিৰ মেচখনৰ পৰা তিনি পইণ্ট সংগ্ৰহেৰে শীৰ্ষ চাৰিত প্ৰৱেশৰ চেষ্টা চলাব।