NORTHEAST NOW (Assamese)

বলিউড : আলিয়া ভাট আৰু সঞ্জয় লীলা ভাঞ্চালীক মুম্বাই আদালতৰ চমন জাৰি, কিয়?

March 25, 2021 1:01 pm · এন ই নাও নিউজ

বলিউডৰ অভিনেত্ৰী আলিয়া ভাট আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ ওপৰত এটা গোচৰ আৰোপ কৰা হৈছে।

গোচৰ অনুসৰি মুম্বাইৰ এখন অতিৰিক্ত মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশ আদালতে দুয়োকে চমন জাৰি কৰিছে।

তেওঁলোকৰ উপৰিও দুজন চিত্ৰনাট্যকাৰ আৰু স্ক্ৰীপৰাইটাৰো এই চমনৰ সমুখীন হৈছে।

২১ মে’ৰ পূৰ্বে তেওঁলোকে আদালতত হাজিৰ হ’ব লাগিব।

গোচৰটো ৰুজু হৈছে তেওঁলোকৰ নিৰ্মীয়মাণ চিনেমা ‘গাংগুবাই কাথিৱাডি’ক লৈ।

চিনেমাখন নিৰ্মাণ কৰা হৈছে গাংগুবাই কাঠিৱাডি নামৰ মুম্বাইৰ এগৰাকী দেহোপজীৱিনী তথা মাফিয়া কুইনক লৈ লিখা হুছেইন জাইদিৰ ‘মাফিয়া কুইন অৱ মুম্বাই’ৰ এটা অধ্যায়ৰ ওপৰত ভিত্তি কৰি।

চিনেমাখনত আলিয়াই মুখ্য ভূমিকাত অভিনয় কৰিছে।

আনহাতে পৰিচালনা কৰিছে সঞ্জয় লীলা ভাঞ্চালীয়ে।

বাবু ৰৱী শ্বাহ নামৰ এজন লোকে চিনেমাখনৰ স’তে জড়িত লোকসকলক এটা মানহানিৰ গোচৰ তৰে।

বাবু ৰৱী শ্বাহে দাবী কৰা মতে, তেওঁ গংগুবাই কাঠিৱাডীৰ তোলনীয়া পুত্ৰ।

তেওঁ কয় যে কিতাপখনত সন্নিৱিষ্ট গাংগুবাই কাঠিৱাডীৰ অধ্যায়টো অসন্মানজনক।

ইয়াৰ দ্বাৰা তেওঁৰ তোলনীয়া মাকৰ মৰ্যাদা হানি কৰাৰ উপৰিও আত্মসন্মানত আঘাট হানিছে।

কিতাপ আৰু চিনেমাখনত তেওঁৰ তোলনীয়া মাকক প্ৰকৃতভাৱে উপস্থাপন কৰা হোৱা নাই বুলিও তেওঁ দাবী কৰে।

ইয়াৰ পূৰ্বে শ্বাহে মুম্বাই চিভিল কোৰ্টৰ দ্বাৰস্থ হৈছিল যদিও তাত গোচৰটো গ্ৰহণ কৰা নহ’ল।

উল্লেখযোগ্য যে ‘গংগুবাই কাঠিৱাডি’ৰ মুক্তিৰ তাৰিখ ৩০ জুলাই।

আলিয়া ভাটৰ উপৰিও চিনেমাখনত অজয় দেৱগণেও মূল চৰিত্ৰত অভিনয় কৰিছে।

Related News