আম্বানীৰ নেতৃত্বত পৰাস্ত বেইজিং! এছিয়াৰ ‘চহকী ৰাজধানী’ এতিয়া মুম্বাই; কিন্তু দেশ হিচাপে ভাৰতত…

মুকেশ আম্বানীৰ নেতৃত্বত বেইজিঙক পৰাস্ত কৰিছে মুম্বাইয়ে। প্ৰথমবাৰৰ বাবে বিলিয়নেয়াৰ সংখ্যাত (যাৰ ধন ১০০ কোটি মাৰ্কিন ডলাৰতকৈও অধিক) ভাৰতৰ অৰ্থনৈতিক ৰাজধানীয়ে চীনৰ ৰাজধানীক পিছ পেলাইছে। মুম্বাই চহৰ এতিয়া এছিয়াৰ বিলিয়নেয়াৰৰ ৰাজধানী হিচাপে পৰিগণিত হৈছে।

চীনৰ চাংহাইৰ হুৰুন ৰিচাৰ্চ ইনষ্টিটিউটে এই তথ্য সদৰী কৰিছে। সোমবাৰে তেওঁলোকে বিশ্বৰ আটাইতকৈ ধনীসকলৰ তালিকা প্ৰকাশ কৰে। দেখা যায় যে মুম্বাইত ৯২গৰাকী বিলিয়নেয়াৰ অৰ্থাৎ ১০০ কোটি মাৰ্কিন ডলাৰতকৈ অধিক সম্পত্তি থকা লোক আছে।

এছিয়াৰ কোনো চহৰৰ ইয়াৰ আগত নাই। কেৱল আমেৰিকাৰ নিউয়ৰ্ক আৰু ব্ৰিটেইনৰ লণ্ডনহে মুম্বাইতকৈ আগবাঢ়ি আছে। নিউয়ৰ্ক আৰু লণ্ডনত বিলিয়নেয়াৰৰ সংখ্যা ক্ৰমে ১১৯ আৰু ৯৭গৰাকী।

লগতে পঢ়কঃ পেটৰ ভিতৰত জীয়া মাছ! কোনোমতে প্ৰাণ লৈ চিকিৎসালয়ত উপস্থিত এজন ব্যক্তি, তাৰপিছত…

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুকেশ আম্বানীয়ে মুম্বাইক এইক্ষেত্ৰত নেতৃত্ব দিছে। ইয়াৰ উপৰিও আদানী গ্ৰুপৰ গৌতম আদানীকে ধৰি বিভিন্ন ব্যৱসায়িক নেতাই ২০২৩ চনৰ ভিতৰত মুম্বাইত ৭.৫ শতাংশ অৰ্থনৈতিক বৃদ্ধি ঘটাইছে। এবছৰতে ভাৰতে বিলিয়নেয়াৰৰ তালিকাত নতুনকৈ ৯৪ জন লোকক সংযোজন কৰিছে। ২০১৩ চনৰ পৰা ভাৰতত এবছৰত ইমান বেছি বিলিয়নেয়াৰৰ জন্ম হোৱা নাই।

কিন্তু বিলিয়নেয়াৰৰ তালিকাত শীৰ্ষত আছে চীন। চীনত বিলিয়নেয়াৰৰ সংখ্যা ৮১৪ গৰাকী। কিন্তু ২০২২ চনৰ পৰা চীনত বিলিয়নেয়াৰৰ সংখ্যা ১৫৫ গৰাকী হ্ৰাস পাইছে। ষ্টক মাৰ্কেটতো দুৰ্বল হৈ পৰিছে। এই তালিকাত ৮০০ বিলিয়নেয়াৰৰে দ্বিতীয় স্থানত আছে আমেৰিকা। ২০২৩ চনত আমেৰিকাত বিলিয়নেয়াৰৰ সংখ্যা ১০৯ গৰাকী বৃদ্ধি পায়।

লগতে পঢ়কঃ কৰ্ণাটকত খনি মাফিয়াক আদৰণি বিজেপিৰ; তেওঁৰ ৯টা দুৰ্নীতিৰ গোচৰৰ তদন্ত কৰি আছে চিবিআইয়ে

ভাৰতত মুঠ বিলিয়নেয়াৰৰ সংখ্যা ২৭১ গৰাকী। ভাৰতৰ নতুন বিলিয়নেয়াৰৰ মুখৰ ভিতৰত আছে বিত্তীয় প্ৰতিষ্ঠান ষ্টাৰ্লিং ইনভেষ্টমেণ্টছৰ মুৰব্বী ৰোহিকা চাইৰাছ মিষ্ট্ৰী আৰু এছিয়ান পেইণ্টছৰ ইনা অশ্বিন ডানি। ভাৰতৰ আটাইতকৈ ধনী মানুহ, অৱশ্যেই মুকেশ আম্বানী। তেওঁৰ মুঠ সম্পত্তি ১১৫ বিলিয়ন ডলাৰ। দ্বিতীয় স্থানত আছে আদানী, তেওঁৰ সম্পত্তিৰ পৰিমাণ ৮৬ বিলিয়ন ডলাৰ।