অসমৰ ক্ৰীড়া জগতৰ বাবে ভাল খৱৰ; মহিলা আইপিএলৰ মুম্বাই ইণ্ডিয়ানছত জিন্টিমণি কলিতা

অসমৰ মহিলা ক্ৰিকেটৰ লগতে ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে এটা ভাল খৱৰ। এইবাৰ মহিলা আইপিএলত খেলিব এগৰাকী অসম কন্যাই।

সোমবাৰে অনুষ্ঠিত হোৱা মহিলা আইপিএলৰ নিলামত মুম্বাই ইণ্ডিয়ানছ দলে  অসমৰ উদীয়মান ক্ৰিকেটাৰ জিণ্টিমণি কলিতাক ক্ৰয় কৰে। মঙলদৈৰ যুৱতী জিণ্টিমণিক ১০ লাখ টকাৰ বিনিময়ত মুম্বাই ইণ্ডিয়ানছে চুক্তিবদ্ধ কৰিছে।

জিণ্টিমণি কলিতাৰ ঘৰ মঙ্গলদৈৰ শান্তিপুৰত। এগৰাকী ভাল বলাৰ হিচাপে পৰিচিত জিণ্টিমণি কলিতাই মঙলদৈ ষ্টেডিয়ামত অনুশীলনৰ আৰম্ভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

নিজৰ যোগ্য প্ৰদৰ্শনৰ বাবে পৰৱৰ্তী সময়ত অসম দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা জিণ্টিমণিয়ে ভাৰতীয় মহিলা বি টীমতো স্থান লাভ কৰিছিল। এইবাৰ মুম্বাই ইণ্ডিয়ানছৰ দৰে আগশাৰীৰ ক্লাৱত খেলিবলৈ সুযোগ লাভ কৰিছে অসমৰ খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে অসম ক্ৰিকেট সন্থাই এইবাৰ মহিলা আইপিএলৰ বাবে ৰাজ্যখনৰ বহু কেইগৰাকী মহিলা ক্ৰিকেটাৰৰ নাম পঞ্জীয়নভুক্ত কৰিছিল।

জিণ্টিমণিৰ এই সাফল্যই ভৱিষ্যতে ৰাজ্যৰ মহিলা ক্ৰিকেটক আগবাঢ়ি যোৱাত উৎসাহিত কৰিব বুলি ক্ৰীড়াপ্ৰেমী সকলে আশা কৰিছে। জিণ্টিমণিৰ মুম্বাই ইণ্ডিয়ানছ দলত স্থান লাভ কৰাৰ পিছত ঘৰখনৰ লগতে মঙলদৈ অঞ্চল তথা ৰাজ্যৰ ক্ৰীড়া অনুৰাগীসকলো আনন্দিত হৈ পৰিছে।