হাজাৰ হাজাৰ হীৰা খচিত আঙঠি! গিনিজ বুকত নাম সোমাল ভাৰতীয় কোম্পানীৰ; মূল্য কিমান?

হীৰাৰ আঙঠি বনাওঁতে সকলোৱে এটা সুন্দৰ ডিজাইনৰ পৰিকল্পনা কৰে। বহুতে আঙঠিটো কিমান হীৰাৰে তৈয়াৰ কৰা হ’ব তাৰো পৰিকল্পনা কৰে। কোনোবাই এটা, কোনোবাই দুটা, কোনোবাই বা একেলগে আঙঠিত ১০টা হীৰাও খচিত কৰে। কিন্তু কিমান হীৰাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িব পাৰে? ১০০ নে ২০০? নে ১০০০? প্ৰকৃত সংখ্যাটো কি, তাৰ বাবে আৰু চিন্তা কৰাৰ দৰকাৰ নাই।

শেহতীয়াকৈ এটা ভাৰতীয় কোম্পানীয়ে আঙঠিত অভিলেখ সংখ্যক হীৰা খচিত কৰি গিনিজ বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছে। সেই আঙঠিটোত মুঠ ৫০,৯০৭টা হীৰা আছে। নাই, ভুল হোৱা নাই, আপুনি ঠিকেই দেখিছে।। গণি গণি পঞ্চাশ হাজাৰ ন শ সাতটা হীৰা সেই আঙঠিটোত খচিত কৰা হৈছে। এই মহান সাফল্যৰ বাবে হৰি কৃষ্ণ এক্সপ’ৰ্টছ এণ্ড এইচ কে ডিজাইনেও গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তুলিছে।

লগতে পঢ়ক: কৰ্ণাটকৰ ৰোড শ্ব’ত প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি মোবাইল নিক্ষেপ! কথমপি আঘাতৰ পৰা ৰক্ষা পৰিল মোডী

শেহতীয়াকৈ মুম্বাইস্থিত এই প্ৰতিষ্ঠানটোৰ ফুল আকৃতিৰ হীৰা আঙঠিটোৱে গিনিজ বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছে। সূৰ্য্যমুখী ফুলৰ ওপৰত বহি আছে এটা পখিলা। ডাঙৰ ফুলটোৰ কেইবাটাও পাহি আছে। এই পাহিবোৰত খচিত কৰা হৈছে  হীৰাবোৰ।

এই আশ্চৰ্যকৰ আঙঠিটো কেনেকৈ তৈয়াৰ কৰা হৈছিল? কোম্পানীটোৰ মতে, আঙঠিটোত ব্যৱহাৰ কৰা সকলো হীৰা পুনঃব্যৱহাৰ কৰা হয়। অৰ্থাৎ আঙঠিটো ক্ৰেতাই ঘূৰাই দিয়া হীৰা আৰু সোণেৰে তৈয়াৰ কৰা হয়। প্ৰতিটো হীৰা স্থাপনৰ কাম কৰিছিল কোম্পানীটোৰ অভিজ্ঞ কৰ্মীসকলে।

কোম্পানীটোৰ পৰিচালন সঞ্চালক হাছু ধোলাকিয়াই সংবাদ মাধ্যমৰ আগত কয়, “এইচ কে ডিজাইনে সপোন বাস্তৱায়িত হোৱা বুলি বিশ্বাস নকৰে, বৰঞ্চ সপোন বাস্তৱায়িত কৰা বুলিহে ভাবে!”

গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি এই আঙঠিটোৰ মূল্য ৭৮৫,৬৪৫ ডলাৰ। ভাৰতীয় মুদ্ৰাত সেয়া হ’ল ৬,৪২,২২,৯৪৩ টকা। এই বিশেষ আঙঠিটোক ‘ইউটেৰিয়া’ নাম দিয়া হৈছে, যাৰ অৰ্থ হৈছে ‘প্ৰকৃতিৰ মাজতে আছে এনেকুৱা’। আঙঠিটোৰ ডিজাইন কৰিবলৈ ৪ মাহ সময় লাগিছিল। সেইদৰে, বনাবলৈ আৰু পাঁচ মাহ লাগে। মুঠতে ৯ মাহৰ পাছত প্ৰস্তুত হয় বিশ্ব অভিলেখ খিতাপ অৰ্জন কৰা ‘ইউটেৰিয়া’ৰ।