নাৰী সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত! ৫০০বাংলাদেশী যুৱতীৰ সন্ধান লাভ মুম্বাই আৰক্ষীৰ

Sex-Racket

প্ৰতিনিধিত্বমূলক ফটো।

বলপূৰ্বক লৈ আনি তেওঁলোকক যৌনকৰ্মী হিচাপে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল। আনকি ড্ৰাগছ সৰবৰাহৰ কামতো তেওঁলোকক লগোৱাৰ অভিযোগ উঠিছে।

এই ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে ২০জন লোকক আটক কৰে।

বাংলাদেশৰ পৰা প্ৰায় ৫০০যুৱতীক ভাৰতলৈ আনি এই কামত লগোৱা হৈছিল। এক সক্ৰিয় নাৰী সৰবৰাহকাৰী তথা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ জৰিয়তে তেওঁলোকক গুজৰাট আৰু মুম্বাইলৈ পঠিওৱা হৈছিল।

বিগত বহুকেইবছৰ ধৰি তাত তেওঁলোকক এই কামত ব্যৱহাৰ কৰি অহা হৈছে।

বাতৰি অনুসৰি, ইন্দোৰ আৰক্ষীৰ মহা পৰিদৰ্শক এইচ এন মিশ্ৰই জনায় যে ধৃত ২০জন লোকৰ বিৰুদ্ধে নাৰী সৰবৰাহ তথা ড্ৰাগছ সৰবৰাহ বিৰোধী আইনত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ মাজত কেইজনমান এজেন্টো আছে।

তেওঁলোকে ভাৰত-বাংলাদেশ সীমান্তত এই নেটৱৰ্ক গঢ়ি তুলিছে। তেওঁলোকে অবৈধভাৱে সীমান্তৰ সিপাৰৰ পৰা যুৱতী আনি ইয়াত বিক্ৰী কৰি দিয়ে।

তদুপৰি, তেওঁলোকে দৰিদ্ৰ পৰিয়ালৰ যুৱতীসকলৰ ওপৰত চকু ৰাখে। সুবিধা বুজি তেওঁলোকক কামৰ প্ৰলোভন দি সীমান্তৰ ইপাৰলৈ অনা হয়। তাৰ পাছত বলপূৰ্বক যৌনকৰ্মী হিচাপে তথা ড্ৰাগছ সৰবৰাহৰ কামত নিয়োগ কৰে।

বাতৰি মতে, মুম্বাই আৰু চুৰাটৰ দুজন সৰবৰাহকাৰী সাগৰ জৈন আৰু ধৰ্মেন্দ্ৰ জৈনে তেওঁলোকক এই কাৰ্যত লিপ্ত কৰোৱাইছিল। আনহাতে, আৰুজ চৈয়দ টিটু গাজি নামৰ লোক দুজনে এজেন্ট হিচাপে কাম কৰিছিল।

তেওঁলোক সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াত বাবু ভাই নামৰ এজন লোকৰ নামো ওলাইছে যি এই গোটেই কাণ্ডৰ মূল ব্যক্তি। যুৱতীসকলৰ পৰা তেওঁৰ নাম জানিব পৰা গৈছে।

এই ঘটনাক লৈ বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰা হৈছে। তদন্তকাৰী গোটৰ এজন বিষয়াই জানিবলৈ দিয়ে যে যোৱা ২১ ছেপ্টেম্বৰত দুগৰাকী যুৱতীয়ে মুম্বাইৰ বিজয় নগৰ থানাত অভিযোগ দাখিল কৰে।

অভিযোগ অনুসৰি তেওঁলোকক মডেলিঙৰ প্ৰলোভন দেখুৱাই এটা ঘৰত আৱদ্ধ কৰি ৰাখি বলপূৰ্বক পতিতাবৃত্তিত লিপ্ত কৰা হৈছিল। কোনোমতে তেওঁলোকে পলাই আহিবলৈ সক্ষম হোৱাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

তেওঁলোকে জানিবলৈ দিয়া মতে এতিয়াও ছয়গৰাকী যুৱতীক আৱদ্ধ কৰি ৰখা হৈছে।

বাতৰি অনুসৰি,  বাবু ভাই নামৰ লোকজনে প্ৰতিগৰাকী যুৱতীৰ পৰিয়ালক ৭৫হাজাৰ টকাৰ পৰা ১লাখ টকা পৰ্যন্ত দিয়াৰ কথা প্ৰকাশ পাইছে।