ৰোহিত-বুমৰাহৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে আইপিএলত কলকাতাক ৪৯ ৰাণত পৰাজিত কৰিলে মুম্বাইয়ে

119998587_647872759466572_1648239123338705919_n

হিটমেন ৰোহিত শৰ্মাৰ দুৰ্দান্ত বেটিং আৰু মুম্বাইৰ বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত আত্মসমৰ্পন কৰিবলৈ বাধ্য হয় কলকাতা নাইট ৰাইডাৰ্ছ।

ডুবাইত বুধবাৰে খেলোৱা আইপিএলৰ মেচখনত ১৯৬ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ খেলপথাৰত নামি নাইট ৰাইডাৰ্ছে নিৰ্দ্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১৪৬ ৰাণহে কৰিবলৈ সক্ষম হয়।

এইদৰে মেচখনত কলকাতা নাইট ৰাইডাৰ্ছ মুম্বাই ইণ্ডিয়ানছৰ হাতত ৪৯ৰাণত পৰাস্ত হয়।

দীনেশ কাৰ্তিক নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমতে ফিল্ডিঙৰ সিদ্ধান্ত লয়। দলৰ তৰণ পেচাৰ শিবম মাভিয়ে দ্বিতীয় অ’ভাৰতে কুইন্টন ডি’ককক আউট কৰে যদিও সেয়া পৰ্যাপ্ত নাছিল।

হিটমেন ৰোহিত শৰ্মাই  সূৰ্যকুমাৰ যাদৱক সংগী কৰি লৈ দলক মজবুত স্থিতিত উপনীত কৰায়। তিনি নম্বৰত বেটিং কৰিবলৈ অহা যাবৱে ৪৭ৰাণ কৰি ৰাণ আউট হৈ পেভলিয়নলৈ ওভতে।

ৰোহিত আৰু যাদৱৰ যুটীয়ে ৯০ৰাণৰ বৰঙণি আগবঢ়ায়। মুম্বাইৰ ইনিংছ ৰোহিতৰ বেটিঙে উজলাই তোলে। কামিন্সৰ এটা অ’ভাৰত দুটা ছয় মৰা ৰোহিতে ৰাছেল, নাৰাইনকে ধৰি কোনো বলাৰকে ৰেহাই নিদিলে।

শিৱম মাভিৰ বলত আউট হৈ পেভলিয়নলৈ ওভতা ৰোহিতে ৫৩টা বলত ৮০ৰাণ কৰে। ৰোহিতে তেওঁৰ ইনিংছটোত তিনিটা চাৰি আৰু ছয়টা ছয় কোবায়। তদুপৰি, টুৰ্ণামেন্টত ২০০টা ছয় মৰাৰ অভিলেখো গঢ়ে ৰোহিতে।

অৱশেষত নিৰ্দ্ধাৰিত ২০ অ’ভাৰত পাঁচ উইকেট হেৰুৱাই ১৯৫ৰাণত মুম্বাইৰ ইনিংছ সামৰণি পৰে। কলকাতাৰ হৈ মাভিয়ে দুটা আৰু নাৰাইন আৰু ৰাছেলে এটাকৈ উইকেট লাভ কৰে।

ইপিনে, বেটিং কৰিবলৈ নামি কলকাতাই আৰম্ভণিতে দুটাকৈ উইকেট হেৰুৱাই চাপত পৰে দলটো। দলৰ হৈ অধিনায়ক দীনেশ কাৰ্তিকে ৩০ৰাণ কৰাৰ উপৰি কামিন্সে ৩৩ৰাণ আৰু নীতিশ ৰানাই ২৪ৰাণ কৰে।

বাকী তাৰকা বেটছমেন আন্দ্ৰে ৰাছেল, মৰ্গান আদি সকলো ৰাণ কৰাত ব্যৰ্থ হয়। খেলৰ শেষৰ পিনে কামিন্সে ১২টা বলত এটা চাৰি আৰু চাৰিটা ছয় কোবাই ৩৩ৰাণ কৰে যদিও দলৰ  জয়ৰ বাবে সেয়া পৰ্যাপ্ত নাছিল।

অৱশে,ত ২০ অ’ভাৰত ৯টা উইকেটৰ বিনিময়ত ১৪৬ ৰাণ কৰিয়েই কলকাতা নাইটাৰ্ছ থমকি ৰয়।