NORTHEAST NOW (Assamese)

শ্লীলতা হানি আৰু হত্যাৰ অভিযুক্ত ৰাম ৰহিমক ৬ বাৰ মুকলি কৰি দিয়া জেইলৰে লাভ কৰিলে বিজেপিৰ প্ৰাৰ্থিত্ব

September 5, 2024 4:53 pm · এন ই নাও নিউজ, গুৱাহাটী

চাংৱান এসময়ত সংস্কাৰ কেন্দ্ৰৰ অধীক্ষক আছিল। ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা গুৰমীত ৰাম ৰহিমক তেওঁৰ কাৰ্যকালত ৬ বাৰ পেৰ’লত মুকলি কৰি দিয়া হৈছিল। এইবাৰ হাৰিয়ানাৰ বিজেপিৰ প্ৰাৰ্থী সুনীল চাংৱান।

সুনীলৰ পিতৃ সতপল সাংৱান কংগ্ৰেছৰ দিনত মন্ত্ৰী হৈছিল। দুমাহমান পূৰ্বে বিজেপিতো যোগদান কৰিছিল। সোমবাৰে যোগদান কৰে সুনীলে।

হাৰিয়ানা বিধানসভাৰ ৯০খন আসনত ভোটদান। ৫ অক্টোবৰত এক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। জানিব পৰা মতে প্ৰকাশ হ’বলগীয়া ৬৭ গৰাকী প্ৰাৰ্থীৰ তালিকাত সুনীল চাংৱানৰ নাম থাকিব। তেওঁ চৰখী দাদ্ৰীৰ আসনৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে৷

সূত্ৰ অনুসৰি হাৰিয়ানাৰ বিজেপি চৰকাৰে সুনীলৰ পদত্যাগপত্ৰ গ্ৰহণ কৰাৰ পাছত সকলো কৰ্তব্যৰ পৰা মুক্ত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে৷

বিজেপিৰ নীতি আৰু নৰেন্দ্ৰ মোডীৰ কাম-কাজৰ পৰা অনুপ্ৰাণিত হৈ সুনীলে গেৰুৱা শিবিৰত যোগদান কৰাৰ সিদ্ধান্ত লয়।

আনহাতে, যোৱা মাহত ৰাম ৰহিমক ২১ দিনৰ বাবে মুকলি কৰি দিয়া হৈছিল। যিটো আছিল তেওঁৰ দশমটো পেৰ’লত মুক্তি।

Related News