পঞ্চভূতত বিলীন হ’ল ‘ভাৰতৰ নাইটিংগেল’ লতা মংগেশকাৰৰ নশ্বৰ দেহ

মুখাগ্নি কৰিলে ভতিজাক আদিনাথ মংগেশকাৰে

কোভিডকে ধৰি আন কেইবাটাও ৰোগত আক্ৰান্ত হৈ আজি মুম্বাইৰ ব্ৰিছকেণ্ডী হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰা লতা মংগেশকাৰৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হ’ল।

আজি সন্ধিয়া শিৱাজী পাৰ্কত শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। শিল্পী গৰাকীৰ মুখাগ্নি কৰে ভতিজাক আদিনাথ মংগেশকাৰে।

কোভিড আক্ৰান্ত হোৱাৰ পিছত লতা মংগেশকাৰক ১১ জানুৱাৰীত মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল ।দেওবাৰে পুৱা ৮-১২ বজাত তেওঁ শেষ নশ্বিাস ত্যাগ কৰে।

১৯২৯চনৰ ২৮ ছেপ্টেম্বৰত ইন্দোৰৰ এক মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল লতা মংগেশকাৰে। লতাৰ পিতৃ আছিল থিয়েটাৰ কোম্পানীৰ মালিক আৰু মাৰাঠী চলচ্চিত্ৰ প্ৰযোজক দীননাথ মংগেশকাৰ।

দেওবাৰে সন্ধিয়া মুম্বাইৰ শিৱাজী পাৰ্কত অসংখ্য লোকৰ উপস্থিতিত লতা মংগেশকাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেকে ধৰি বহু ৰাজনীতিকে শিৱাজী পাৰ্কত শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আজি কোকিলকণ্ঠীৰ মৃতদেহ এখন ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি সৎকাৰস্থলীলৈ নিয়া হয়।

লতা মংগেশকাৰৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰে দুদিনীয়া শোক দিৱস ঘোষণা কৰিছে। এই দুদিনত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ’ব।
মহাৰাষ্ট্ৰৰ চৰকাৰেও লতা মংগেশকাৰৰ মৃত্যু দুদিনীয়া শোক দিৱস পালন কৰিব বুলি ঘোষণা কৰিছে।