ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাসকলৰ বিৰুদ্ধে কঠোৰ গোলাঘাট প্ৰশাসন

aaa mask_photo

প্ৰতিনিধিত্বমূলক ছবি

কেন্দ্ৰীয় চৰকাৰৰ কোভিড-১৯ সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অসমৰ জনসাধাৰণৰ স্বাস্থ্য আৰু জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ বিৰুদ্ধে সতৰ্কতামূলক ব্যৱস্থা হিচাপে এলানি নিৰ্দেশ জাৰি কৰিছে ।

গোলাঘাট জিলাতো এই নিৰ্দেশনাসমূহ জৰুৰীভাৱে কাৰ্যকৰী কৰাৰ বাবে জিলা দণ্ডাধীশ তথা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে নিৰ্দেশ জাৰি কৰিছে ।

সেই অনুসৰি বাট-পথ, চিকিৎসালয়, কাৰ্যালয়, বজাৰ আদি ৰাজহুৱা স্থানত প্ৰতিজন লোকেই তিনিটা তৰপ থকা মাস্ক পিন্ধাটো বাধ্যতামূলক ।

মাস্ক নাথাকিলে গামোচা বা অন্য কাপোৰেৰে অন্ততঃ দুটা তৰপ কৰি মুখ আৰু নাক ভালকৈ ঢাকি ল’ব লাগিব ।

কোনো লোকে মাস্ক পৰিধান নকৰাকৈ জনসমাগম হোৱা ঠাই অথবা সভা আদিত অংশ ল’ব নোৱাৰিব ।

ব্যক্তিগত, চৰকাৰী অথবা ৰাজহুৱা বাহনত ভ্ৰমণ কৰোতেও মাস্ক পৰিধান কৰিব লাগিব ।

কাৰ্যালয় অথবা যিকোনো কৰ্মস্থলীত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।

এজনে ব্যৱহাৰ কৰা মাস্ক অন্য এজনে ব্যৱহাৰ কৰিব নোৱাৰিব । কাপোৰৰ মাস্কসমূহ এবাৰ ব্যৱহাৰ কৰাৰ পাছত গৰম পানী আৰু চাবোনেৰে ধুই শুকুৱাই পুনৰ ব্যৱহাৰ কৰিব পাৰি ।

এবাৰ ব্যৱহাৰযোগ্য মাস্ক স্বাস্থ্য-বিধিসমূহ মানি নষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগে ।

নিয়োগকর্তাগৰাকীয়ে তেওঁৰ অধীনৰ কৰ্মচাৰীসকলে তিনিটা তৰপ থকা মাস্ক পিন্ধাটো সুনিশ্চিত কৰিব ।

কোনো লোকে মাস্ক পৰিধানৰ এই নিয়মসমূহ ভংগ কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

প্ৰথম, দ্বিতীয় আৰু তৃতীয়বাৰ এই নিৰ্দেশ উলংঘা কৰিলে ৫০০ টকা আৰু তাৰ পাছত প্ৰতিবাৰেই ১০০০ থকাকৈ জৰিমনা বিহা হ’ব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে ।