• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুই মুছলমান যুৱকক জীৱন্তে জ্বলাই হত্যা! আৰক্ষীৰে ঘণিষ্ঠ সম্পৰ্ক হত্যাকাণ্ডৰ অভিযুক্তৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2023 7:37 pm
Haryana Muslim Men's Killing
185
VIEWS
Share on FacebookShare on Twitter

হাৰিয়ানাৰ ভীৱানী জিলাত বাহনসহ দুই মুছলমানক যুৱকক জীৱন্তে জ্বলাই কৰা হত্যাকাণ্ডৰ কেতবোৰ বিস্ফোৰক আৰু ন ন তথ্য পোহৰলৈ আহিছে। এইবাৰ চৰ্চালৈ আহিছে আন এক তথ্য। প্ৰকাশিত খবৰ অনুসৰি, এই লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্তৰ সৈতে হাৰিয়ানাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ আছিল ঘণিষ্ঠ সম্পৰ্ক।

উল্লেখ্য, যোৱা সপ্তাহত ৰাজস্থানৰ বাসিন্দা জুনাইদ আৰু নাছিৰ নামৰ ৰাজস্থানৰ দুই মুছলমানক যুৱকক এখন বলেৰ’ বাহনৰ সৈতে জীৱন্তে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। হাৰিয়ানাৰ ভীৱানীত জ্বলি যোৱা ভস্মীভূত বলেৰ’ বাহনখনৰ সৈতে অগ্নিদগ্ধ দুটাকৈ মৃতদেহ উদ্ধাৰ হৈছিল।

এই ঘটনাত বজৰং দলৰ নেতা তথা কট্টৰ হিন্দুত্ববাদী নেতা মনু মানেছাৰ জড়িত থকাৰ অভিযোগ কৰিছে ভুক্তভোগী দুই যুৱকৰ পৰিয়ালৰ লগতে স্থানীয় লোকে। ভুক্তভোগী পৰিয়ালে এজাহাৰত অভিযুক্তসকলৰ নাম স্পষ্টভাৱে উল্লেখ কৰাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ গুৰুতৰ অভিযোগো উত্থাপন হৈ আহিছে।

ইয়াৰ পাছতে এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। মূল অভিযুক্ত মনু মানেছাৰসহ অভিযুক্তসকলৰ হাৰিয়ানাৰ নুহ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক আছে। গো সৰবৰাহকাৰীৰ ওপৰত অভিযান চলোৱাৰ লগতে সন্দেহযুক্ত গৰু সৰবৰাহকাৰীৰ বিষয়ে আৰক্ষীক অৱগত কৰা আদি কামতো আৰক্ষীক সহযোগ কৰি আহিছে এই অভিযুক্তসকলে।

দ্য ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা অনুসৰি যোৱা দুমাহত নুহৰ ফিৰোজপুৰ ঝিৰকা আৰু নগিনা থানাত দাখিল কৰা অতি কমেও চাৰিখন এফআইআৰত মনু মানেছাৰসহ ৰিংকু ছাইনী, লোকেশ চিংলা আৰু শ্ৰীকান্তক তথ্যদাতা হিচাপে উল্লেখ কৰা হৈছে।

জুনাইদ আৰু নাছিৰৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীক দিয়া এজাহাৰত এই ৰিংকু ছাইনী, লোকেশ চিংলা আৰু শ্ৰীকান্তৰ নামো উল্লেখ আছে। এই তিনিগৰাকী ব্যক্তিও গৰু সুৰক্ষা গোটৰ সদস্য। বজৰং দলৰ জিলা পৰ্যায়ৰ নেতা মনু মানেছাৰৰ নামো এই তালিকাত সন্নিবিষ্ট কৰা হৈছে, যিজনক মূল অভিযুক্ত বুলি কোৱা হৈছে।

মনু মানেছাৰ বজৰং দলৰ সদস্য তথা গুৰগাঁৱৰ হাৰিয়ানা চৰকাৰৰ গৰু সুৰক্ষা টাস্ক ফ’ৰ্চৰ মুখীয়াল। সোমবাৰে ৰাজস্থান আৰক্ষীয়ে নাম উল্লেখ কৰাসকলৰ তালিকাত আৰু ৮ গৰাকী অভিযুক্তৰ নামো সন্নিৱিষ্ট কৰিছে।

Recent News

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd