• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দুই মুছলমান যুৱকক জীৱন্তে জ্বলাই হত্যা! আৰক্ষীৰে ঘণিষ্ঠ সম্পৰ্ক হত্যাকাণ্ডৰ অভিযুক্তৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2023 7:37 pm
Haryana Muslim Men's Killing
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানাৰ ভীৱানী জিলাত বাহনসহ দুই মুছলমানক যুৱকক জীৱন্তে জ্বলাই কৰা হত্যাকাণ্ডৰ কেতবোৰ বিস্ফোৰক আৰু ন ন তথ্য পোহৰলৈ আহিছে। এইবাৰ চৰ্চালৈ আহিছে আন এক তথ্য। প্ৰকাশিত খবৰ অনুসৰি, এই লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্তৰ সৈতে হাৰিয়ানাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ আছিল ঘণিষ্ঠ সম্পৰ্ক।

উল্লেখ্য, যোৱা সপ্তাহত ৰাজস্থানৰ বাসিন্দা জুনাইদ আৰু নাছিৰ নামৰ ৰাজস্থানৰ দুই মুছলমানক যুৱকক এখন বলেৰ’ বাহনৰ সৈতে জীৱন্তে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। হাৰিয়ানাৰ ভীৱানীত জ্বলি যোৱা ভস্মীভূত বলেৰ’ বাহনখনৰ সৈতে অগ্নিদগ্ধ দুটাকৈ মৃতদেহ উদ্ধাৰ হৈছিল।

Apply Now

এই ঘটনাত বজৰং দলৰ নেতা তথা কট্টৰ হিন্দুত্ববাদী নেতা মনু মানেছাৰ জড়িত থকাৰ অভিযোগ কৰিছে ভুক্তভোগী দুই যুৱকৰ পৰিয়ালৰ লগতে স্থানীয় লোকে। ভুক্তভোগী পৰিয়ালে এজাহাৰত অভিযুক্তসকলৰ নাম স্পষ্টভাৱে উল্লেখ কৰাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ গুৰুতৰ অভিযোগো উত্থাপন হৈ আহিছে।

ইয়াৰ পাছতে এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। মূল অভিযুক্ত মনু মানেছাৰসহ অভিযুক্তসকলৰ হাৰিয়ানাৰ নুহ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক আছে। গো সৰবৰাহকাৰীৰ ওপৰত অভিযান চলোৱাৰ লগতে সন্দেহযুক্ত গৰু সৰবৰাহকাৰীৰ বিষয়ে আৰক্ষীক অৱগত কৰা আদি কামতো আৰক্ষীক সহযোগ কৰি আহিছে এই অভিযুক্তসকলে।

দ্য ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা অনুসৰি যোৱা দুমাহত নুহৰ ফিৰোজপুৰ ঝিৰকা আৰু নগিনা থানাত দাখিল কৰা অতি কমেও চাৰিখন এফআইআৰত মনু মানেছাৰসহ ৰিংকু ছাইনী, লোকেশ চিংলা আৰু শ্ৰীকান্তক তথ্যদাতা হিচাপে উল্লেখ কৰা হৈছে।

জুনাইদ আৰু নাছিৰৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীক দিয়া এজাহাৰত এই ৰিংকু ছাইনী, লোকেশ চিংলা আৰু শ্ৰীকান্তৰ নামো উল্লেখ আছে। এই তিনিগৰাকী ব্যক্তিও গৰু সুৰক্ষা গোটৰ সদস্য। বজৰং দলৰ জিলা পৰ্যায়ৰ নেতা মনু মানেছাৰৰ নামো এই তালিকাত সন্নিবিষ্ট কৰা হৈছে, যিজনক মূল অভিযুক্ত বুলি কোৱা হৈছে।

মনু মানেছাৰ বজৰং দলৰ সদস্য তথা গুৰগাঁৱৰ হাৰিয়ানা চৰকাৰৰ গৰু সুৰক্ষা টাস্ক ফ’ৰ্চৰ মুখীয়াল। সোমবাৰে ৰাজস্থান আৰক্ষীয়ে নাম উল্লেখ কৰাসকলৰ তালিকাত আৰু ৮ গৰাকী অভিযুক্তৰ নামো সন্নিৱিষ্ট কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd