গুৱাহাটীৰ হোটেল বিলাস ইন-ত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলৰ তিনিজন সদস্যকে ধৰি ৭জন জ্যেষ্ঠ আৰক্ষী বিষয়াক অসম চৰকাৰে শনিবাৰে বদলি কৰে।
গৃহ বিভাগৰ এক অধিসূচনা অনুসৰি সমগ্ৰ ৰাজ্যতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই বদলিৰ নিৰ্দেশ দিয়া হৈছে। এই সালসলনিত ঘটনা সংঘটিত হোৱা আৰক্ষী জিলা গুৱাহাটী চেণ্ট্ৰেলত নিয়োজিত এজন জ্যেষ্ঠ বিষয়াকো অন্তৰ্ভুক্ত কৰা হৈছে।
বদলি হোৱাসকলৰ ভিতৰত আছে উপ আৰক্ষী আয়ুক্ত (কেন্দ্ৰীয়) শম্ভাৱী মিশ্ৰ আৰু অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত (কেন্দ্ৰীয়) বিকু এল আচুমি। মিশ্ৰক কাছাৰ জিলাৰ কাঠালত ৬নং অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে আচুমিয়ে বৰপেটা জিলাৰ হাউলীত ২৮ নং এপিবিএনৰ ছেকেণ্ড ইন কমাণ্ড হিচাপে কাৰ্যনিৰ্বাহ কৰিব।
তেওঁলোকৰ স্থানত ক্ৰমে লাচিত বৰফুকন আৰক্ষী একাডেমীৰ অধ্যক্ষ মৃণাল ডেকা আৰু লক্ষীপুৰৰ সহ-জিলা আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই কাৰ্যনিৰ্বাহ কৰিব।
গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তেৱাৰীৰ স্বাক্ষৰিত অধিসূচনাখনত ৬ নং এপিবিএনৰ বৰ্তমানৰ কমাণ্ডেণ্ট প্ৰদীপ শইকীয়াক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ সহকাৰী মহাপৰিদৰ্শক (প্ৰশাসন) হিচাপে বদলি কৰা হৈছে বুলিও উল্লেখ কৰা হৈছে।
পল্টন বজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা এছ আই টিৰ সদস্য পৰিদৰ্শক কুলেশজ্যোতি ভূঞাক অসম আৰক্ষীৰ সীমান্ত শাখালৈ বদলি কৰা হৈছে। তেওঁৰ উত্তৰাধিকাৰী এতিয়াও ঘোষণা কৰা হোৱা নাই।
গুৱাহাটী চেন্ট্ৰেলৰ সহকাৰী আৰক্ষী আয়ুক্ত (পানবজাৰ) পাৰ্থ প্ৰতিম দুৱৰাকো শিৱসাগৰৰ লিগিৰিপুখুৰীত থকা ১ম এ পি বি এনলৈ বদলি কৰা হৈছে। তেওঁৰ ঠাইত মান্দাকাটাত থকা ১ম কমাণ্ডো বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক ঋষভ ফুকন আহিব।
গুৱাহাটীৰ জি এছ ৰোডৰ বৰা চাৰ্ভিচ এলেকাৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ কিছুদিন পিছতে হোটেলখনৰ মালিক আৰু লীজ হোল্ডাৰৰ মাজত সম্পত্তিৰ পৰিচালনাক লৈ হোৱা বিবাদৰ ফলত এটা পৰিয়ালৰ পাঁচজন সদস্য আৰু তেওঁলোকৰ কৰ্মচাৰীক গুলীয়াই হত্যা কৰা হয়।
ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ নেতৃত্বত ছয়জনীয়া এছ আই টি গঠন কৰিছিল। দলটোত আছিল ডিচিপি (ক্ৰাইম) দেৱজিৎ নাথ, শম্ভাৱী মিশ্ৰ, আচুমি, ভূঞা আৰু পল্টন বজাৰ থানাৰ উপ-পৰিদৰ্শক অবিনাশ দাস।
মৃতকৰ পৰিয়ালে এই গুলীচালনা পূৰ্ব পৰিকল্পিত বুলি অভিযোগ উত্থাপন কৰি দায়ীসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ আহ্বান জনাইছে।
এই ঘটনাৰ বলি হোৱাসকল আছিল ভূদেৱ ভৰালী (৬৫), ভগ্নী হেলেনা (৫৮), পুত্ৰ দেবৰ্ষি কাশ্যপ (৩৯), বোৱাৰী ৰিনিকা কাশ্যপ (৩০), পৰিয়ালৰ কৰ্মচাৰী নাৰায়ণ দাস (৪৮)। এই ঘটনাত আহত হয় পৰিয়ালটোত কৰ্মৰত চালক সত্যেন্দ্ৰ পাঠক (৪৩)।
গুলীচালনাৰ কিছু সময়ৰ পিছতে প্ৰধান অভিযুক্ত হোটেলৰ লীজ হোল্ডাৰ ঘনকান্ত গগৈ (৩৪)ক গ্ৰেপ্তাৰ কৰা হয়। এই আক্ৰমণত ব্যৱহৃত বুলি অভিযোগ উত্থাপন হোৱা অনুজ্ঞাপত্ৰ থকা .৩২ ব’ৰ পিষ্টলটো উদ্ধাৰ কৰে আৰক্ষীয়ে। ইয়াৰ পিছতে স্থানীয় আদালতে মঙলবাৰে মাজনিশা তেওঁক সাত দিনৰ আৰক্ষী জিম্মাত পঠাইছিল। ৩ নৱেম্বৰত পুনৰ আদালতত হাজিৰ কৰাৰ কথা।
শনিবাৰে ধেমাজি জিলাত আৰক্ষীৰ সন্মুখত হাজিৰ হয় গগৈৰ পত্নী। তেওঁৰ বিৰুদ্ধে কোনো লুকাউট নোটিচ জাৰি কৰা হোৱা নাছিল যদিও গুৱাহাটী আৰক্ষীয়ে গোচৰৰ সন্দৰ্ভত তেওঁক জেৰা কৰিবলৈ বিচাৰি আছিল।
আৰক্ষীৰ এক বিবৃতি অনুসৰি ভৰালী পৰিয়ালে ২০২৫ চনৰ ১০ ছেপ্টেম্বৰত গগৈৰ সৈতে পাঁচ বছৰৰ বাবে মাহিলী ভাড়া প্ৰায় ১.৮ লাখ টকাত লীজ চুক্তি স্বাক্ষৰ কৰিছিল।
গগৈয়ে হোটেলখন মেৰামতি কৰাৰ পিছত মতানৈক্যৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। সম্পত্তিৰ ব্যৱহাৰ আৰু কিছুমান সুবিধাৰ ব্যৱস্থাক লৈ মতানৈক্যৰ সৃষ্টি হৈছিল।
সোমবাৰে হোটেলখনত এই বিবাদ নিষ্পত্তিৰ বাবে এখন বৈঠকৰ দিন ধাৰ্য কৰা হৈছিল। কিন্তু আৰক্ষীয়ে জনোৱা মতে, বৈঠক আৰম্ভ হোৱাৰ পূৰ্বেই তৰ্ক-বিতৰ্ক শাৰীৰিক কাজিয়ালৈ পৰিণত হৈছিল, তাৰ পিছত গগৈয়ে ছয়জন লোকৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে।


