দিল্লীৰ ৰামলীলা ময়দানত ইণ্ডিয়া মিত্ৰজোঁটে এছ আই আৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি এক নতুন ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। সমদল যোৱা পথৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ লোকচানক লৈ শাসকীয় বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ সংঘাত আৰম্ভ হৈছে। লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে অভিযোগ কৰা অনুসৰি, সমদলত অংশগ্ৰহণকাৰীসকলক স্থানীয় বজাৰত সামগ্ৰী ক্ৰয়ৰ বাবে তেওঁ আহ্বান জনোৱাৰ পাছতো বিজেপিয়ে ইচ্ছাকৃতভাৱে কনট প্লেচৰ দোকান-পোহাৰসমূহ বন্ধ কৰি ৰাখিছে।
কংগ্ৰেছ দলে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে ৰেলীত অংশগ্ৰহণ কৰা লোকসকলক ব্যৱসায়ীসকলৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ স্থানীয় দোকানসমূহৰ পৰা বজাৰ কৰিবলৈ আহ্বান জনাইছিল। কিন্তু কনট প্লেচত উপস্থিত হৈ তেওঁলোকে প্ৰায়ভাগ দোকান বন্ধ থকা দেখিবলৈ পায়। কংগ্ৰেছৰ অভিযোগ মতে, স্থানীয় ব্যৱসায়ীসকলৰ আৰ্থিক লোকচান কৰাৰ উদ্দেশ্যেৰে বিজেপিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে, শাসকীয় দলটোৱে পূৰ্বৰে পৰা অভিযোগ কৰি আহিছে যে বিৰোধীৰ এই প্ৰতিবাদৰ ফলত ৰেলীৰ পথত থকা ব্যৱসায়ীসকলৰ বিস্তৰ ক্ষতিসাধন হৈছে।
বিৰোধীৰ এই সমদলৰ কেইঘণ্টামান পূৰ্বে বিজেপিৰ সাংসদ তথা ‘কেট’ৰ সম্পাদক প্ৰবীণ খণ্ডেলৱালে ৰাহুল গান্ধীৰ আহ্বানৰ তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে উৎসৱৰ বতৰত দিল্লীৰ ব্যৱসায়ীসকলক প্ৰকৃত গ্ৰাহকৰ প্ৰয়োজন, কোনো ৰাজনৈতিক ৰেলীৰ ভিৰৰ নহয়। ৰাহুল গান্ধীক কটাক্ষ কৰি খণ্ডেলৱালে মন্তব্য কৰে যে দিল্লীৰ ব্যৱসায়ীসকলৰ জীৱিকা কোনো ৰাজনৈতিক পৰীক্ষাগাৰ নহয় য’ত প্ৰথমে ব্যৱসায়িক কাম-কাজত ব্যাঘাত জন্মোৱা হ’ব আৰু পিছত ৰেলীলৈ অহা লোকসকলক বজাৰ কৰি সেই লোকচান পূৰণ কৰিবলৈ কোৱা হ’ব। ব্যৱসায়ীসকলৰ প্ৰকৃত সমস্যাৱলী বুজি পোৱাৰ সলনি বজাৰলৈ যোৱাৰ পথ অৱৰোধ কৰি এনে পৰামৰ্শ দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি বিজেপি নেতাজনে স্পষ্ট কৰি দিয়ে।




