• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

কুকি সংগঠনৰ অভিযোগ যে অঞ্চলটোৰ নিৰাপত্তাজনিত সমস্যাৰ বিষয়ে আগতীয়াকৈ অৱগত কৰাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

এন ই নাও নিউজ, ইম্ফল by এন ই নাও নিউজ, ইম্ফল
November 1, 2026 1:13 pm
প্ৰতিনিধিত্বমূলক ফাইল ফটো।

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ ননী জিলাত পুনৰ সংঘটিত হৈছে ৰক্তাক্ত সংঘৰ্ষ। শনিবাৰে পুৱা দুটা সশস্ত্ৰ সংগঠনৰ মাজত হোৱা গুলীয়াগুলিত তিনিজন কুকি যুৱক নিহত হয়। কেকৰু নগা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

কুকি সংগঠন ‘কুকি ইনপি মণিপুৰ’ৰ দাবী, মৃত লোককেইজন গাঁওৰক্ষী আছিল আৰু নগাসকলৰ এটা সশস্ত্ৰ দলে হত্যা কৰিছে।

অৱশ্যে দুয়োটা সশস্ত্ৰ সংগঠনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত তেওঁলোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে বন্দুক, গুলী, ড্ৰোন আৰু কেইবাটাও বোমা উদ্ধাৰ কৰে।

Apply Now

আৰক্ষীয়ে জনোৱা মতে, নিহত কেইজনৰ নাম থাংলানছাং চিংগন, থাংহোছেই হাওকিপ আৰু লমিনছাং কিপগেন। তেওঁলোক আটাইকেইজনেই চুৰাচান্দপুৰ জিলাৰ বাসিন্দা।

যোৱা ২৯ অক্টোবৰৰ পৰা অঞ্চলটোত গুলীয়াগুলি চলি আহিছে। বৰ্তমান তাত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছে।

কুকি সংগঠনটোৰ অভিযোগ যে অঞ্চলটোৰ নিৰাপত্তাজনিত সমস্যাৰ বিষয়ে আগতীয়াকৈ অৱগত কৰাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ফলত সাধাৰণ লোকে অস্ত্ৰ-শস্ত্ৰ লৈ ৰাজপথলৈ ওলাই আহি অঞ্চলটোত পহৰা দিবলৈ বাধ্য হয়। স্থানীয় ৰাইজে এই ঘটনাৰ বাবে মণিপুৰ চৰকাৰ আৰু প্ৰশাসনৰ নিষ্ক্ৰিয়তাক জগৰীয়া কৰিছে।

আনহাতে, একেদিনাই মেইটেই আৰু নগা সংগঠনে যৌথভাৱে ইম্ফলত প্ৰতিবাদী সমদল উলিয়ায়। ২০২৩ চনত সাম্প্ৰদায়িক হিংসা আৰম্ভ হোৱাৰ পিছত মণিপুৰত এইটো অন্যতম সমদল। শেহতীয়াকৈ উগ্ৰপন্থী আক্ৰমণত তিনিজন মেইটেই যুৱকক হত্যা কৰাৰ ঘনাৰ প্ৰতিবাদত এই সমদল উলিওৱা হয়। টিডিম খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাৰ অন্ত পৰে পশ্চিম ইম্ফলৰ থাউ খেলপথাৰত।

এই সমাৱেশত কেন্দ্ৰক ‘প্ৰক্সি যুদ্ধ’ আৰু ‘নাৰ্কো-সন্ত্ৰাসবাদ’ বন্ধ কৰাৰ বাৰ্তা দিয়া হয়। ইয়াৰ উপৰিও ম্যানমাৰ সীমান্তৰ পৰা অসম ৰাইফলছ আঁতৰাই সম্পূৰ্ণ নিৰপেক্ষ বাহিনী নিয়োগ কৰাৰ দাবী উত্থাপন হয়। এন আৰ চি ৰূপায়ণৰ লগতে স্থানচ্যুত লোকৰ পুনৰ সংস্থাপনৰ বাবেও দাবী উত্থাপন হৈছে। আনকি মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী নেমচা কিপগেনৰ স্বামীৰ বিৰুদ্ধে সাধাৰণ নাগৰিকক হত্যা কৰাৰ অভিযোগ তুলি পদত্যাগৰ দাবী উত্থাপন হৈছে।

এন ই নাও নিউজ, ইম্ফল

এন ই নাও নিউজ, ইম্ফল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

November 1, 2026 1:13 pm
দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm
টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

November 1, 2026 11:02 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

November 1, 2026 10:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

November 1, 2026 1:13 pm
দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd