NORTHEAST NOW (Assamese)

সম্প্ৰীতিৰ দৃষ্টান্ত : এজন কাশ্মীৰী পণ্ডিতৰ মৃতদেহ সৎকাৰ কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে

May 10, 2021 3:00 pm · এন ই নাও নিউজ
Updated: May 10, 2021 3:03 pm

সাম্প্ৰদায়িক সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে কাশ্মীৰৰ কেইজনমান ইছলাম ধৰ্মাৱলম্বী লোকে।

লোককেইজনে প্ৰতিৱেশী এজন প্ৰতিৱেশী কাশ্মীৰী পণ্ডিতৰ শেষকৃত্য সমাপন কৰে।

এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী, দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ তাহাব গাঁৱত শনিবাৰে চমনলাল (৭০) নামৰ লোকজনে মৃত্যুবৰণ কৰে।

বিএচএনএলত কৰ্মৰত লোকজনে অৱসৰৰ পাছত দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল।

জানিব পৰামতে, গাঁৱৰ লোকসকলৰ স’তে মিলা-মিছাকৈ বাস কৰি অহা লোকজনৰ পৰিয়ালৰ সদস্যসকল কৰ্মসূত্ৰে জম্মুত থাকে।

লোকজনৰ মৃত্যুৰ সময়তো তেওঁলোক আহিব নোৱাৰিলে, যাৰ ফলত গাঁৱৰ মুছলিম লোকসকলেই তেওঁৰ সৎকাৰৰ দিহা কৰিলে।

লোকজনৰ পুত্ৰ-কন্যা পাছত আহি স্থানীয় বাসিন্দাসকলক ধন্যবাদ জনায়।

এজন মুছলিম লোকে কয় যে চমনলাল কাশ্মীৰী পণ্ডিত হ’লেও তেওঁক আমি কেতিয়াও বেলেগ দৃষ্টিৰে চোৱা নাছিলো, তেওঁ আমাৰেই এজন মানুহ আছিল, আমি সকলোৱে একেলগেই বাস কৰি আহিছো, সেইবাবেই তেওঁৰ শেষযাত্ৰাত সংগ দিলো।

Related News