আহিল ৰাম মন্দিৰ, নাহিল চেতনা! জয় শ্ৰী ৰাম ধ্বনি সম্বলিত ফটোৰ বাবেই…

জয় শ্ৰী ৰাম ধ্বনি সম্বলিত ফটোৰ বাবেই মুছলমান ব্যক্তিক নিৰ্যাতন হিন্দুত্ববাদী নেতাৰ

ram mandir

অহা ২২ জানুৱাৰীত অযোধ্যাত উদ্বোধন হ’ব ৰাম মন্দিৰৰ। যোৱা শতিকাৰ শেষৰ দশকতে দেশৰ ৰাজনীতিত এক বিতৰ্কৰ বিষয় হৈ পৰা ৰাম মন্দিৰ অৱশেষত অযোধ্যাত প্ৰতিষ্ঠা হ’ল।

হিন্দু ধৰ্মত ভগৱান জ্ঞান কৰা ৰামক লৈ পিছে কট্টৰ হিন্দুত্ববাদীসকলৰ মাজত একপ্ৰকাৰৰ উগ্ৰতাৰহে প্ৰকাশ পোৱা সময়ে সময়ে পৰিলক্ষিত হয়। শেহতীয়াকৈ পুনৰ পোহৰলৈ আহছে এনে এক ঘটনা।

দোকানত আঁৰি ৰখা ‘জয় শ্ৰী ৰাম’ ধ্বনি সম্বলিত এখন ফটোৰ বাবেই একাংশ হিন্দুত্ববাদী লোকৰ নিৰ্যাতনৰ বলি হৈছে এগৰাকী মুছলমান ব্যক্তি। এই ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ ডেৰাডুনত।

প্ৰকাশিত খবৰ অনুসৰি, ৰাকেশ বৰাই নামৰ এজন হিন্দু লোকৰ হৰিদ্বাৰ পথত অৱস্থিত আমন জেনেৰেল ষ্ট’ৰ নামৰ এখন দোকান আছিল। তেওঁ নিজৰ দোকানখন গিৰিশ নামৰ এগৰাকী ব্যক্তিক ভাড়াত দিছিল।

দোকানখনৰ পৰিচালনাৰ বাবে গিৰিশে শ্বাহনবাজ নামৰ এজন মুছলমান ব্যক্তিক নিযুক্তি দিছিল। দোকানখন ভাড়াত দিয়াৰ সময়ত স্বত্বাধিকাৰী বৰৈয়ে ভাড়াতীয়া গিৰিশক দোকানখনৰ পৰিচয় সলনি নকৰিবলৈ আহ্বান জনায়।

লগতে তেওঁ দোকানখনত নিজা মালিকীস্বত্ব অক্ষত অৱস্থাত থকাটো নিশ্চিত কৰিবলৈ দোকানৰ আচবাব-সামগ্ৰী মডেল আঁতৰ কৰাতো বাৰণ কৰে। সেই মতেই দোকানখনত উলমি থাকে এখন জয় শ্ৰী ৰাম ধ্বনি সম্বলিত ফটো।

যোৱা ৯ জানুৱাৰীত এক হিন্দুত্ববাদী গোটৰ নেত্ৰী ৰাধা ধোনী আৰু তেওঁৰ একাংশ সহযোগী দোকানখনলৈ সোমাই আহে। দোকানখনত আঁৰি থোৱা ৰামৰ ফটো আৰু জয় শ্ৰী ৰাম ধ্বনি সম্বলিত পোষ্টাৰখনক লৈ আপত্তি প্ৰদৰ্শন কৰে।

ধৰ্মীয় আৱেগক আঘাত কৰা বুলি দাবী কৰি তেওঁলোকে বলপূৰ্বকভাৱে পোষ্টাৰখন আঁতৰাই দিয়াৰ লগতে দোকানখন পৰিচালনা কৰা শ্বাহনবাজ নামৰ ব্যক্তিগৰাকীকো হাৰাশাস্তি কৰে।

এই ঘটনাৰ ভিডিঅ’ কিছু সময়ৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে আৰু তাৰ পাছতে আৰক্ষীয়ে হিন্দুত্ববাদী গোটটোৰ সদস্যসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। এই ঘটনাই দুয়োটা সম্প্ৰদায়ৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে।