কোকৰাঝাৰত ১০০০ বছৰ পুৰণি কালী মন্দিৰৰ চোৱাচিতা কৰিছে মুছলমান লোকে

কোকৰাঝাৰ জিলাৰ মুছলমান সম্প্ৰদায়ৰ বসতিপূৰ্ণ বৰুৱাপাৰা গাঁৱৰ বাসিন্দাসকলে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক বিৰল উদাহৰণ দাঙি ধৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

গাঁৱখনৰ বাসিন্দাসকলে গাঁৱখনত থকা ১০০০ বছৰ পুৰণি এটা কালী মন্দিৰৰ চোৱাচিতাৰ কাম বিগত কেইবাবছৰ ধৰি কৰি আহিছে।

বৃহৎ সংখ্যক লোক বিভিন্ন ধৰ্মত বিশ্বাসী ভক্তই মন্দিৰটোত দৰ্শনৰ বাবে আহে।

গাঁৱবাসীয়ে জানিবলৈ দিয়ে যে তেওঁলোকে মন্দিৰটোৰ চোৱাচিতাৰ কাম কৰি মনত এক আনন্দ অনুভৱ কৰে আৰু মন্দিৰটো দৰ্শন কৰা ভক্তসকলে তেওঁলোকৰ কামক প্ৰশংসা কৰি আহিছে।

‘’আমি জন্মসূত্ৰে মুছলমান আৰু বিগত কেইবাবছৰ ধৰি মন্দিৰটোত কাম কৰি আহিছো। এই কাম কৰি আমি আনন্দ অনুভৱ কৰো। কোনোৱে কেতিয়াও ইয়াক লৈ আপত্তি কৰা নাই,’’-এগৰাকী বাসিন্দাই কয়।

বৃহস্পতিবাৰে গাঁৱবাসীয়ে মন্দিৰ চৌহদত সমবেত হৈ হিন্দু আৰু মুছলমানৰ মাজত ‘’একতা আৰু ভাতৃত্ববোধ’’ উদযাপন কৰে।

‘’ইয়াত হিন্দু আৰু মুছলমানৰ মাজত কোনো সংঘাত নাই। আমি সকলোৱে সম্প্ৰীতিৰে বাস কৰি আহিছো। যদিওৱা কিছুমান শক্তিয়ে ৰাজনৈতিক স্বাৰ্থত শান্তি-সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰে, সাধাৰণ মানুহে ইয়াত একাত্মভাৱে বাস কৰে,’’-এগৰাকী স্থানীয় বাসিন্দা আব্দুল হুছেইনে কয়।

স্থানীয় সামাজিক কৰ্মী অৰূপ কুমাৰ দলেই মন্দিৰটোৰ শোভাবৰ্দ্ধনৰ কামৰ আধাৰশিলা স্থাপন কৰে।

‘’সমাজৰ বিভিন্ন ধৰ্মৰ লোকে মন্দিৰটো দৰ্শন কৰি প্ৰাৰ্থনা কৰা দেখি বৰ আচৰিত লাগে। মন্দিৰটোৰ দুৱাৰ সকলোৰে বাবে খোলা থাকে,’’-দলেই কয়।