NORTHEAST NOW (Assamese)

পাকিস্তানী আৰু বাংলাদেশী মুছলমান অনুপ্রৱেশকাৰীক দেশৰ পৰা উলিয়াই দিয়ক: শিৱসেনা

January 25, 2020 12:10 pm · এন ই নাও নিউজ
মহাৰাষ্ট্ৰ মুখ্য মন্ত্ৰী উদ্ধৱ ঠাকৰে। ফাইল ফটো

শিৱসেনাই পাকিস্তানী আৰু বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰীক উলিয়াই পঠিওৱাৰ দাবী কৰিছে।

দলৰ মুখপত্ৰ ‘সামনা’ত প্ৰকাশিত সম্পাদকীয়ত কোৱা হৈছে যে পাকিস্তানী আৰু বাংলাদেশী মুছলমানক দেশৰ পৰা যে উলিয়াই পঠিয়াব লাগে ইয়াত কোনো দ্বিমত নাই।

তদুপৰি, শিৱসেনাই ৰাজ ঠাকৰে আৰু তেওঁ দল এম এন এছকো লক্ষ্য কৰি লয়। উল্লেখ্য যে ইয়াৰ মাজতে এম এন এছে তেওঁলোকৰ পতাকাৰ বাবে গেৰুৱা ৰং বাচি লৈছে।

সম্পাদকীয়টোত কোৱা হৈছে : ‘’দেশত প্ৰৱেশ কৰা পাকিস্তানী আৰু বাংলাদেশী মুছলমানসকলক উলিয়াই দিয়ক। তেওঁলোকক বাহিৰ কৰি দিয়াই উচিত। ইয়াত কোনো দ্বিমত নাই। কিন্তু ইয়াৰ বাবে কোনো ৰাজনৈতিক দলক নিজৰ পতাকা সলনি কৰিবলগীয়া হ’ল, সেয়া আমোদজনক।‘’

লগতে কোৱা হয়,’’দ্বিতীয় কথা হ’ল যে ইয়াৰ বাবে এখন নহয় দুখন পতাকাৰ পৰিকল্পনা বনোৱা এইয়া দ্বিধা বা পিছলি যোৱা গাড়ীৰ লক্ষণ। ৰাজ ঠাকৰে আৰু তেওঁৰ ১৪ বছৰ পুৰণি দলটোৱে মাৰাঠীৰ সমস্যাকলৈ দলটোৰ প্ৰতিষ্ঠা কৰিছিল। শিৱসেনাই মাৰাঠীৰ বিষয়ক লৈ বহুত কাম কৰিছে।‘’

ইয়াৰ পাছতে কটাক্ষ কৰি লিখা হৈছে: ‘’সেই বাবেই মাৰাঠীসকলৰ মাজত যোৱাৰ পাছতো তেওঁলোকৰ হাতত একো লগা নাই আৰু লগাৰ চিনো নাই। কোৱা শুনা গৈছে যে ভাৰতীয় জনতা পাৰ্টিয়ে যেনেদৰে বিচাৰে, তেনেদৰেই ‘হিন্দু বন্ধি, বগ্নী, মাতৃসকল…’ধ্বনি ৰাজ ঠাকৰে দিবলৈ লৈছে।

Related News