NORTHEAST NOW (Assamese)

‘ভুলটো সদায় মাক হিচাপে আঙুলিয়াই দিম’ মুখ্যমন্ত্ৰী হোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ মাতৃৰ প্ৰতিক্ৰিয়া

May 10, 2021 3:55 pm · কল্পজ্যোতি শইকীয়া
Updated: May 10, 2021 4:29 pm

আজি ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপতগ্ৰহণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই।

সুদীৰ্ঘ সময় ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত দক্ষ তথা প্ৰতাপী মন্ত্ৰী হিচাপে পৰিচয় বহন কৰি অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ, পত্নী, পুত্ৰ আৰু কন্যাৰ বাবে আজিৰ দিনটো এক গৌৰৱৰ দিন।

আজিৰ শপতগ্ৰহণ অনুষ্ঠানত দৰ্শক হিচাবে উপস্থিত থাকে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী, পত্নী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ নন্দিল ।

পুত্ৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাতৃ মৃণালিনী দেৱীয়ে কয় ‘হিমন্তৰ জন্ম কুণ্ডলীত ৰাজযোগ আছিল। এদিন সি মুখ্যমন্ত্ৰী হ’ব বুলি মনে মনে ভাবিছিলো।‘

ইয়াৰোপৰি, ভগৱানক চিন্তা কৰিলে ভাল ফল পায়েই বুলি উল্লেখ কৰি মাতৃ মৃণালিনী দেৱীয়ে লগতে কয় ‘ভুলটো সদায় মাক হিচাপে আঙুলিয়াই দিম। তেওঁক মই ৯ বছৰ বয়সতে ৰাইজৰ হৈ কাম কৰিবলৈ উলিয়াই দিছিলো’।

ইপিনে, শপত গ্ৰহণৰ পাছতে নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া সকলো প্ৰতিশ্ৰুতি পালনৰ বাবে চেষ্টা কৰিব বুলি সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কাইলৈ জনতা ভৱনত মুখ্যমন্ত্ৰীৰ আসনত বহি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই।

Related News