আং চান চ্যুকীৰ বিৰুদ্ধে জুণ্টাই আনিলে আন এটা দুৰ্নীতিৰ অভিযোগ, হ’ব পাৰে কুৰি বছৰৰ কাৰাদণ্ড

সম্পূৰ্ণ অগণতান্ত্ৰিক ভাবে ক্ষমতাচ্যুত কৰা ম্যানমাৰৰ গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীৰ বিচাৰ চলি আছে।

আজি পুনৰ ম্যানমাৰৰ সামৰিক শাসকে চুকীৰ বিৰুদ্ধে আন এটা দুৰ্নীতিৰ অভিযোগ আনিছে। এই অভিযোগ সমূহত দোষী প্ৰমাণিত হ’লে চ্যুকীৰ কমেও ২০ বছৰৰ কাৰাদণ্ড হ’ব পাৰে। সামৰিক জুণ্টাই তেওঁৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে আনিছে সাতটা বিশেষ অভিযোগ।

উল্লেখ্য চ্যুকীয়ে ২০১০ চনত জুণ্টাই আৰোপ কৰা ১৫ বছৰীয়া গৃহবন্দিত্বৰ পৰা মুক্ত হৈছিল।

সম্প্ৰতি পুনৰ গৃহবন্দী হৈ থাকিবলগীয়া হ’লে ৭৫ বছৰীয়া নেত্ৰীগৰাকীয়ে জীৱনৰ শেষ কালছোৱা কাৰাগাৰতে কটাবলগীয়া হ’ব।

চ্যুকীৰ বিৰুদ্ধে সামৰিক জুণ্টাই বিগত বৰ্ষত চ্যুকীয়ে ক’ৰ’না বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা, নীতি বৰ্হিভূত ভাবে ৱাকি টকী লগত ৰখা আদিৰ লগতে দুৰ্নীতিৰো অভিযোগ আনিছিল।

জুণ্টাই ১ ফেব্ৰুৱাৰীত গৃহবন্দী কৰা চ্যুকীক ২৮ মে’ৰ দিনা প্ৰথম বাৰৰ বাবে আদালতত হাজিৰ কৰোৱা হৈছিল। নানান ষড়যন্ত্ৰ কৰি জুণ্টাই চ্যুকীৰ দল নেছনেল লীগ ফৰ ডেম’ক্ৰেচিক ভংগ কৰি দিবলৈ উদ্যত হৈছে বুলিও কথা ওলাইছে।

উল্লেখ্য ২৮ মে’ত দীৰ্ঘদিনৰ মূৰত গৃহবন্দিত্বৰ পৰা বাহিৰলৈ ওলাই আহি চ্যুকীয়ে দেশৰ জনতাক ধৈৰ্য আৰু সাহসেৰে পৰিস্থিতিৰ মুখামুখি হ’বলৈ আহ্বান জনাইছিল।

ম্যানমাৰত গণতন্ত্ৰৰ অপমৃত্যু ঘটাৰ প্ৰায় ৪ মাহ পিছত ২৮ মে’ত প্ৰথমবাৰৰ বাবে সামৰিক জুণ্টাই গৃহবন্দী কৰা গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীক আদালতত হাজিৰ কৰাইছিল।

চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ দিনা ম্যানমাৰত সামৰিক জুণ্টাই সেনা অভ্যুত্থানৰ জৰিয়তে চ্যুকীক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিছিল।

ইয়াৰ পিছতে বিগত কেইবা মাহ ধৰি চ্যুকীয়ে আকাশ দেখাৰ সৌভাগ্য লভা নাছিল। কিছুদিন পূৰ্বে গৃহবন্দী চ্যুকীক আদালতত হাজিৰ কৰোৱাৰ পিছতে নেত্ৰীগৰাকীয়ে তেওঁৰ অধিবক্তা মিন মিন ছোৰ জৰিয়তে দেশবাসীলৈ এইবুলি বাৰ্তা দিছিল যে যেতিয়ালৈকে মানুহ থাকিব তেতিয়ালৈকে তেওঁৰ নেছনেল লীগ ফৰ ডেম’ক্ৰেচি দলো থাকিব।

কাৰণ এই দলটো গঠন হৈছে মানুহৰ বাবেই।

উল্লেখ্য জুণ্টা প্ৰশাসনে চ্যুকীৰ বিৰুদ্ধে নিৰ্বাচনত জালিয়াতি কৰাৰ অভিযোগৰ লগতে দুৰ্নীতিৰো অভিযোগ আনিছে।

আদালতৰ মজিয়াৰ পৰাই চ্যুকীয়ে দেশবাসীৰ সুস্বাস্থ্যও কামনা কৰিছিল।ইপিনে গৃহবন্দী হৈ থকা নেত্ৰীগৰাকী বৰ্তমান সুস্থ হৈ থকা বুলি তেওঁৰ অধিবক্তাই প্ৰকাশ কৰিছিল।

চ্যুকীৰ মুক্তিৰ দাবীত আজিও ম্যানমাৰত অব্যাহত আছে গণতন্ত্ৰকামী প্ৰতিবাদকাৰীৰ প্ৰতিবাদ।

জুণ্টাই ইতিমধ্যে ৮০০ ৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰিছে। অভিনেতা-অভিনেত্ৰী, মডেল , চিত্ৰ শিল্পীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

জুণ্টাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই বহুতকে মৃত্যুদণ্ড বিহা হৈছে।