সামৰিক অভ্যুত্থানৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হ’ল ম্যানমাৰৰ এজন জনপ্ৰিয় মডেল

ম্যানমাৰৰ এগৰাকী জনপ্ৰিয় চেলিব্ৰেটীক দেশখনৰ সামৰিক বাহিনীয়ে আটক কৰিছে।

পাইং টাখন (Paing Takho) নামৰ মডেল আৰু অভিনেতাজনে দেশখনৰ সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে ব্যাপকৰূপত প্ৰতিবাদ সাব্যষ্ট কৰিছিল।

প্ৰতিবাদস্বৰূপে তেওঁ ৰাজপথত নমাৰ উপৰিও অনলাইনভাৱেও অংশগ্ৰহণ কৰিছিল।

২৪ বৰ্ষীয় মডেলগৰাকীৰ ম্যানমাৰ আৰু থাইলেণ্ডত অসংখ্য অনুৰাগী আছে।

দেশখনৰ সামৰিক বাহিনীয়ে মডেলগৰাকীৰ ফেচবুক একাউণ্টৰ লগতে ইনষ্টাগ্ৰাম একাউণ্টটোও বন্ধ কৰি দিছে।

ইনষ্টাগ্ৰামত তেওঁৰ মিলিয়ন সংখ্যক অনুৰাগী আছে।

মডেলগৰাকীৰ ভগ্নী থি থি লিৱিনে দিয়া এক ফেচবুক প’ষ্টমতে, স্থানীয় সময়মতে বৃহস্পতিবাৰে পুৱা ৫ বজাত মডেলগৰাকীৰ ঘৰলৈ আঠখন ট্ৰাকত ৫০ জন সৈনিকে তেওঁক আটক কৰিবলৈ আহে।

যদিও প্ৰতিবাদ কৰাৰ পৰিণামলৈ তেওঁ ভয় কৰা নাছিল, তেওঁ বন্ধুবৰ্গই জনাইছে যে যোৱা কেইদিনধৰি তেওঁ গভীৰ মানসিক অশান্তিত ভুগি আছিল।

মডেলগৰাকীয়ে ফেচবুকত এটা প্ৰতিবাদী প’ষ্ট দিয়াৰ পাছতে সামৰিক বাহিনীৰ তেওঁৰ ওপৰত চকু পৰে।

ফেচবুকত লিখিছিল যে তেওঁ কঠোৰভাৱে সামৰিক অভ্যুত্থানটোক গৰিহণা জনাইছে।

তদুপৰি কাৰাবন্দী নেতৃ আং চান ছ্যু ক্যী, ৰাষ্ট্ৰপতি ইউ উইন মীণ্ট আৰু অন্যান্য মন্ত্ৰী- সাংসদসকলক মুকলি কৰি দিবলৈ তেওঁ ফেচবুকত প’ষ্ট কৰিছিল।

উল্লেখযোগ্য যে শেহতীয়াকৈ গণতন্ত্ৰৰ হকে মাত মতা দেশখনৰ বহুকেইজন চেলিব্ৰেটীক সামৰিক বাহিনীয়ে আটক কৰিছে।

প্ৰায় ১০০ জন চিনেমানিৰ্মাতা, অভিনেতা, সাংবাদিকলৈ গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে।