সামৰিক শাসকে বলপূৰ্বক ক্ষমতাৰ বাঘজৰী কাঢ়ি লোৱাৰ পিছত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ম্যানমাৰ কালি ৭ গৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিছত আজি পুনৰ দেশ খনত নিহত হৈছে ১৮ গৰাকী প্ৰতিবাদকাৰী।
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আজি ম্যানমাৰৰ য়াংগুনকে ধৰি ডাৱেই আৰু মাণ্ডালয়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাৰ ফলত ১৮ গাৰী প্ৰতিবাদকাৰী নিহত হৈছে।
আৰক্ষীৰ আক্ৰমণত আহত হৈছে শতাধিক প্ৰতিবাদকাৰী।
ইপিনে শান্তিপূৰ্ণ ভাবে প্ৰতিবাদ সাৱস্ত্য কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰাৰ ঘটনাক আমেৰিকাই কঠোৰ ভাষাৰে নিন্দা কৰিছে। আমেৰিকাই ইতিমধ্যে ম্যানমাৰৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে।
উল্লেখ্য দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনত গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু জুণ্টাই আটক কৰি ৰখা আং চান চু কীসহ দেশখনৰ আটাইসকল নেতাৰ মুকলি দাবীত প্ৰধান প্ৰধান চহৰসমূহ প্ৰতিবাদত উত্তাল হৈ আছে।
১ ফেব্ৰুাৱাৰিত দেশখনত সামৰিক অভ্যুত্থান হোৱাৰে পৰা যোৱা এমাহে গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু আং চান চু কীসহ আটকাধীন সকলোবোৰ নেতাৰ মুক্তিৰ দাবীত দেশখনৰ প্ৰধান প্ৰধান চহৰসমূহত নিৰন্তৰ প্ৰতিবাদ অব্যাহত আছে।
সামৰিক শাসকৰ নিৰ্দেশত দেশখনৰ আৰক্ষীয়ে প্ৰতিবাদকাৰী জনতাৰ ওপৰত অকথ্য অত্যাচাৰ চলোৱাৰ লগতে গুলীচলনাও কৰি আহিছে।
দেওবাৰে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলীচালনাত ৭ গৰাকী প্ৰতিবাদকাৰী নিহত হৈছে। আজি দেশখনত সামৰিক শাসক বিৰোধী প্ৰতিবাদত মৃত্যু হোৱা প্ৰতিবাদকাৰীৰ সংখ্যা ২৮ গৰাকীলৈ বৃদ্ধি পালে।
য়াংগুণত উলিওৱা প্ৰতিবাদী সমদললৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰাত বহু কেইগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মান্দালয়তো প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলীচালনাত আন কেইবাজনো লোকৰ মৃত্যু হৈছে।