সেনাৰ বিৰুদ্ধে যুঁজিবলৈ সন্মিলিত গোট গঠন কৰিব ম্যানমাৰৰ বিদ্ৰোহী সংগঠন সমূহে

Women-Soldiers-in-the-AA

ৰক্তাক্ত ম্যানমাৰলৈ আজিও উভতি অহা নাই শান্তি। প্ৰায় প্ৰতিদিনেই দেশ খনৰ সামৰিক শাসকে হত্যা কৰি গৈছে ইজনৰ পিছত সিজনকৈ লোক।

নিৰস্ত্ৰ প্ৰতিবাদকৰীৰ বিৰুদ্ধে জিঘাংসু আক্ৰমণ সংঘটিত কৰা ম্যানমাৰৰ সেনাৰ বিৰু্দ্ধে এইবাৰ সশস্ত্ৰ প্ৰতিৰোধ গঢ়ি তোলৰ বাবে সাজু হৈছে দেশ খনৰ কেইবাটাও বিদ্ৰোহী সংগঠন।

সেইমৰ্মে বহু কেইটা বিদ্ৰোহী সংগঠনে সেনাক উৎখাত কৰাৰ বাবে সন্মিলিত ভাবে যুঁজ দিয়াৰ সংকল্প লৈছে।

ইতিমধ্যে দেশ খনৰ বহু ঠাইত ম্যানমাৰৰ সেনাৰ বিৰুদ্ধে বিদ্ৰোহী সংগঠনে ভয়ংকৰ আক্ৰমণো সংঘটিত কৰিছে।

দেওবাৰে ম্যানমাৰৰ বিদ্ৰোহী সংগঠন কাৰণে নেচনেল ইউনিয়নে সকলো বিদ্ৰোহ সংগঠনকে একত্ৰিত হৈ সেনৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান জনাইছে।

সংগঠনটোৰ নেতা জেনেৰেল বাও কেয়াওৱে বহু কেইটা বিদ্ৰোহী সংগঠনলৈ লিখা পত্ৰত এইবুলি উল্লেখ কৰিছে যে বিগত ৭০ বছৰে এনে সুযোগ অহা নাছিল। এতিয়া সেনাৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে যুঁজাৰ সময় আহি পৰিছে।

ম্যানমাৰত সেনাৰ অভ্যুত্থানৰ পাছত গণতন্ত্ৰকামী নাগৰিকৰ প্ৰতিবাদত গুলী চলাই তথা বিভিন্ন স্থানত অভিযান চলাই সাতশৰো অধিক লোকক হত্যা কৰা হৈছে।

বাতৰি অনুসৰি, ইমান সংখ্যক লোকক গুলীয়াই নিহত কৰাৰ উপৰি এতিয়ালৈকে ৩হাজাৰ ১২জন লোকক কাৰাবন্দী কৰি ৰখা হৈছে।

তদুপৰি, ৬৫৬জন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। এইসকলৰ ভিতৰত আছে দেশখনৰ ৰাজনীতিক, চেলিব্ৰেটি তথা সাধাৰণ নাগৰিক।

উল্লেখযোগ্য যে যোৱা নৱেম্বৰত অনুষ্ঠিত দেশখনৰ নিৰ্বাচনত প্ৰৱঞ্চনাৰ অভিযোগ তুলি ম্যানমাৰৰ সেনা বাহিনীয়ে যোৱা ১ ফেব্ৰুৱাৰীত ক্ষমতা দখল কৰে।

সেনাই দেশখনৰ ৰাষ্ট্ৰপতি উইন্ট মিন্ট তথা তদানীত্বন শাসকীয় দলৰ এন এল ডিৰ নেত্ৰী আং ছান ছ্যু কীকে ধৰি শীৰ্ষ ৰাজনৈতিক নেতাসকলক গ্ৰেপ্তাৰ কৰে।