• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ম্যানমাৰ সামৰিক অভ্যুত্থান : ক্ৰমাৎ ৰক্তাক্ত হৈ পৰিছে ম্যানমাৰ; মৃত্যু ৩৮ গৰাকী, গ্ৰেপ্তাৰ বহু প্ৰতিবাদকাৰীক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2021 11:00 am
img_6353
886
VIEWS
Share on FacebookShare on Twitter

সামৰিক অভ্যুত্থানৰ পিছত ক্ৰমাৎ ৰক্তাক্ত হৈ পৰিছে ম্যানমাৰ।

গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু নেত্ৰী আন চাং চ্যু ক্যীসহ অন্যান্য কাৰাবান্দীসকলৰ মুক্তিৰ দাবীত যোৱা এমাহে নিৰন্তৰভাৱে চলি থকা গণতান্ত্ৰিক বিক্ষোভকাৰীৰ ওপৰত গুলীচালনা অব্যাহত ৰাখিছে জুণ্টাই।

সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ-এ প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰৰ পুৱালৈকে ৩৮ গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। আৰক্ষী আৰু সেনা বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত মুক্তভাৱে কৰা গুলীচালনাৰ ফলতেই এই প্ৰতিবাদকাৰীসকলৰ মৃত্যু হৈছে।

বুধবাৰৰ দিনটোত মৃত্যু হোৱা প্ৰতিবাদকাৰীৰ সংখ্যা বিভিন্ন সংবাদ প্ৰতিষ্ঠানে ভিন্নকৈ প্ৰকাশ কৰিলেও ৰয়টাৰ-এ প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰৰ পুৱালৈকে ৩৮ গৰাকী প্ৰতিবাদকাৰী মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে। ইয়াৰে ৬ গৰাকীক মনয়ৱাত হত্যা কৰা বুলি প্ৰকাশ পাইছে।

বুধবাৰে ৪ টি শিশু আৰু মহিলাসহ ৮ গৰাকী প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছে জুণ্টাৰ আৰক্ষী আৰু সেনাই।

সেনা-আৰক্ষীয়ে প্ৰতিবাদাকীৰৰ ওপৰত গুলীচালনা অব্যাহত ৰাখিলেও দিনক দিনে প্ৰতিবাদৰ প্ৰাৱল্য বৃদ্ধি পাইছে পাহাৰীয়া দেশখনত। সামৰিক বাহিনীৰ ৰঙা চকুলৈ কেৰেপ নকৰি দেশখনৰ প্ৰতিখন চহৰতে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি গণতন্ত্ৰৰ পুনঃপ্ৰতিষ্ঠাৰ আন্দোলনটোক ব্যাপক কৰি তোলা পৰিলক্ষিত হৈছে।

“আমি জানো যে আমি সদায়ে গুলী খাব লাগিব আৰু মৰিব লাগিব, কিন্তু আমি জুণ্টাৰ অধীনত জীয়াই থাকিব নোৱাৰো। আমি পলায়ন কৰাতকৈ বিপদজনক পথটোকে বাছি লৈছো।” ৰয়টাৰৰ আগত এইদৰে দৃঢ়তাৰে কয় আন্দোলনকাৰী নেতা মৌং চৌংখা-এ।

ইফালে ম্যানমাৰৰ শেহতীয়া পৰিস্থিতিকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ লগতে বিশ্বসম্প্ৰদায়ে।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শুকুৰবাৰে ম্যানমাৰৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিবলৈ এক কূটনৈতিক বৈঠকৰ আহ্বান কৰিছে।

Recent News

পুত্ৰৰ সৈতে ভাবী বোৱাৰীৰ ছবি ভাইৰেল : পুত্ৰক দলৰ লগতে পৰিয়ালৰ পৰাও বহিষ্কাৰ কৰিলে লালুৱে

পুত্ৰৰ সৈতে ভাবী বোৱাৰীৰ ছবি ভাইৰেল : পুত্ৰক দলৰ লগতে পৰিয়ালৰ পৰাও বহিষ্কাৰ কৰিলে লালুৱে

ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হোৱাৰ দাবীক লৈ কি ক’লে কংগ্ৰেছ নেতা পৱন খেৰাই?

ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হোৱাৰ দাবীক লৈ কি ক’লে কংগ্ৰেছ নেতা পৱন খেৰাই?

তাজমহল উৰুৱাই দিয়াৰ ভাবুকি! কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

তাজমহল উৰুৱাই দিয়াৰ ভাবুকি! কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

বিহাৰৰ ৰাজনীতিত তোলপাৰ : পুত্ৰ তেজ প্ৰতাপক দল আৰু নিজৰ পৰিয়ালৰ পৰা বহিষ্কাৰ লালু প্ৰসাদ যাদৱৰ

বিহাৰৰ ৰাজনীতিত তোলপাৰ : পুত্ৰ তেজ প্ৰতাপক দল আৰু নিজৰ পৰিয়ালৰ পৰা বহিষ্কাৰ লালু প্ৰসাদ যাদৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd