ম্যানমাৰত জুন্টাৰ হত্যাৰ ৰাজনীতি; জ্বলাই দিয়া হৈছে এখন গাঁও

index

ম্যানমাৰ সেনাৰ বিৰুদ্ধে প্ৰতিবাদী জনতাৰ ক্ষোভ যিমানেই বৃদ্ধি পাইছে সিমানেই সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণাত্মক হৈ পৰিছে সেনা। প্ৰতিবাদ দমনৰ বাবে নিৰ্বিচাৰ গুলীচালনা, মাৰপিট তথা প্ৰেপ্তাৰ সাধাৰণ কথা পৰিছে দেশখনত।

এইবাৰ জ্বলাই দিয়া হৈছে এখন গাঁও। ম্যানমাৰৰ মাজভাগত অৱস্থিত মাগুৱয়ে অঞ্চলৰ কিনমা গাওঁখনত প্ৰায় ২৫০টা পৰিয়াল বাস কৰিছিল।

এতিয়া গাঁওখনত মাত্ৰ ১০ ঘৰহে বাকী আছে। বাকী সকলো ঘৰ জুন্টা বাহিনীয়ে জ্বলাই দিছে।

বাতৰি অনুসৰি, তিনিজন লোকৰ মৃত্যু হৈছে। মৃত্যু হৈছে পশুধনৰো। জ্বলি থকা গাঁওখনৰ ছবি ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

স্থানীয় বাসিন্দাসকলে জানিবলৈ দিয়া মতে তেওঁলোকে পূৰ্বেই জুন্টা বাহিনীৰ আক্ৰমণৰ খৱৰ লাভ কৰিছিল।  সেয়ে, জীৱন বচাবলৈ জংঘলত গৈ আশ্ৰয় লৈছিল। তাৰ মাজতে এক বৃদ্ধ দম্পতিয়ে গাঁও এৰি যাব নোৱাৰিলে। নৃশংস জুন্টা বাহিনীয়ে তেওঁলোককো ৰেহাই নিদিলে।

আন কিছুমানে দাবী কৰা মতে সেই বৃদ্ধ দম্পতি এতিয়া নিৰুদিষ্ট হৈ আছে। সেইদৰে, আন এগৰাকী পশুপালককো গুলীয়াই হত্যা কৰা হৈছে। বাকী গাওঁবাসী এতিয়াও ঘৰলৈ উভতিব পৰা নাই।

তেওঁলোকে জানিবলৈ দিয়ে যে তেওঁলোক পুনৰ উভতি আহিব। তেওঁলোকক মাৰি পেলাব। সেয়ে গাওঁলৈ উভতি যোৱাৰ সাহস হোৱা নাই তেওঁলোকৰ।