পুনৰ চাৰি বছৰৰ কাৰাবাসৰ শাস্তিৰ সন্মুখীন ম্যানমাৰৰ বিতাড়িত প্ৰধানমন্ত্ৰী আং চান চ্যু কী

Aung San Suu Kyi

ম্যানমাৰৰ জুণ্টাই সোমবাৰে ম্যানমাৰৰ বিতাড়িত প্ৰধানমন্ত্ৰী আং চান চ্যু কীক সামৰিক বাহিনীৰ বিৰুদ্ধে উচতনি দিয়া আৰু ক’ভিদ নিয়ম উলংঘা কৰাৰ বাবে চাৰি বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰিছে।

উল্লেখ্য যে চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত ম্যানমাৰ সেনাই চ্যু কীৰ চৰকাৰক উৎখাত কৰাৰ পিছৰে পৰা চ্যু কীক আটক কৰি ৰাখিছিল। তেতিয়াৰ পৰা তেওঁৰ ওপৰত কেইবাটাও অভিযোগ আৰোপ কৰা হৈছিল।

বিশেষকৈ চৰকাৰী গোপনীয়তা আইন উলংঘা কৰা, দুৰ্নীতি আৰু নিৰ্বাচনী জালিয়তিৰ দৰে অভিযোগ উত্থাপন কৰা হৈছিল চ্যু কীৰ বিৰুদ্ধে। এই সকলো গোচৰত দোষী সাব্যস্ত হ’লে তেওঁ কেইবা দশকৰ কাৰাগাৰৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব।

সোমবাৰে চু কীক সামৰিক বাহিনীৰ বিৰুদ্ধে উচতনি দিয়াৰ বাবে দুবছৰ আৰু ক’ভিদ সম্পৰ্কীয় প্ৰাকৃতিক দুৰ্যোগ আইন উলংঘা কৰাৰ বাবে আৰু দুবছৰৰ শাস্তি দিয়া হয় বুলি জুণ্টাৰ মুখপাত্ৰ জাও মিন টুনে জানিবলৈ দিয়ে।

সাংবাদিকসকলক নেপিদাওৰ বিশেষ আদালতত কাৰ্যক্ৰমৰ পৰা বাধা দিয়া হৈছে। চ্যু কীৰ উকীলসকলক শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে কথা পাতিবলৈ নিষিদ্ধ কৰা হৈছিল।

বিগত কিছু দিনৰ ভিতৰত চ্যু কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচীৰ আন সদস্যসকলৰ বিচাৰ শেষ হৈছে আৰু জুণ্টাই কঠোৰ শাস্তি প্ৰদান কৰিছে।

এজন প্ৰাক্তন মুখ্যমন্ত্ৰীক এই মাহত ৭৫ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল। আনহাতে চ্যু কীৰ এজন ঘনিষ্ঠ সহায়কক ২০ বছৰৰ বাবে কাৰাবাস দিয়া হৈছিল।