ভাৰত-চীন সংঘাতৰ মাজতে TikTokৰ সৈতে সন্মুখ সমৰত স্বদেশী এপ Roposo!

Roposo-Vs-TikTok

প্ৰতিনিধিত্বমূলক ফটো

সীমান্তত চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে ভাৰতত সৃষ্টি হোৱা জনৰোষৰ ফলত চীনৰ সামগ্ৰী বৰ্জনৰ দাবী ক্ৰমাৎ শক্তিশালী হৈ উঠিছে।

ইয়াৰ মাজতে, জনপ্ৰিয় চীনা এপ TikTokৰ প্ৰতিও বিৰাগ প্ৰদৰ্শন কৰিছে লাখ লাখ ভাৰতীয়ই।

চীনৰ জনপ্ৰিয় এপ TikTokত একাউন্ট খুলি কেন্দ্ৰীয় চৰকাৰ তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছিল।

কিন্তু শেহতীয়াকৈ TikTokৰ সৈতে ফেৰ মাৰি উলিওৱা স্বদেশী এপ Roposoত একাউন্ট খুলি প্ৰধান মন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ হোৱাৰ মন্ত্ৰত আগবাঢ়িছে MyGovIndia।

চীনা এপ TikTokৰ সৈতে সন্মুখ সমৰত এইবাৰ অৱতীৰ্ণ হৈছে স্বদেশী এপ Roposo।

শেহতীয়াকৈ প্ৰায় ৫কোটি য়ুজাৰে গুগল প্লে ষ্টৰৰ পৰা এই ভিডিঅ’ শ্বেয়াৰিং এপটো ডাউনলোড কৰিছে।

কেন্দ্ৰীয় চৰকাৰেও ইয়াৰ অংশীদাৰ হৈ স্বদেশী সামগ্ৰীৰ প্ৰচাৰৰ বাবে সাজু হৈছে।ইয়াৰ জৰিয়তে জনসাধাৰণক স্বদেশী পন্য সামগ্ৰী ব্যৱহাৰ কৰাৰ উদগনি যোগোৱা হ’ব।

ৰ’প’ছো এপৰ জৰিয়তে চৰকাৰে দেশৰ কোটি কোটি নৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

জানিব পৰা মতে, ইয়াত ইতিমধ্যে MyGovIndiaৰ ১১লাখ ফল’ৱাৰ হৈ গৈছে।

আনহাতে, MyGovৰ মুখ্য কাৰ্যবাহী বিষয়া অভিষেক সিঙে কয় যে এই এপৰ জৰিয়তে দেশৰ নাগৰিকসকলৰ সৈতে চৰকাৰে প্ৰত্যক্ষভাৱে যোগাযোগ স্থাপন কৰিব। স্বদেশী পণ্য সামগ্ৰী ব্যৱহাৰৰ বাবে সকলোকে একত্ৰিত কৰা হ’ব।

তেওঁ লগতে জানিবলৈ দিয়ে যে সকলোকে এই স্বদেশী এপ Roposo ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হ’ব। এপটোৱে কোভিড-১৯ৰ প্ৰচাৰতো সহায় কৰিব।

গুগল প্লে ষ্টৰ বা এপ’ল ষ্ট’ৰৰ পৰা এই এপটো ডাউনলোড কৰি ইয়াক অ’পেন কৰাৰ পাছত MyGovIndiaচাৰ্চ কৰি সকলোৱে ফলো কৰিব পাৰে।

চীনৰ সৈতে আন এক কৌশলগত যুদ্ধৰে আত্মনিৰ্ভৰ ভাৰতৰ যাত্ৰাত ৰ’প’ছো হ’ব পাৰে এক কাৰিকৰী অস্ত্ৰ।