NORTHEAST NOW (Assamese)

গুৱাহাটীৰ মহিলাৰ মৃত্যুক লৈ ৰহস্য : বোৱাৰী, নাতিনীয়েকক গ্ৰেপ্তাৰ

October 30, 2018 1:10 pm · এন ই নাও নিউজ
Updated: October 30, 2018 6:07 pm
প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটীৰ কামাখ্যাৰ সমীপৰ নাৰ্চাৰী অঞ্চলত থকা নিজা বাসগৃহত সোমবাৰে চিলিঙত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মৃত্যুক লৈ ৰহস্য ঘণীভূত হৈ পৰিছে। মৃত মহিলাগৰীক চম্পা দাস বুলি চিনাক্ত কৰা হৈছে।

এই ঘটনাত মৃত মহিলাগৰাকীৰ ভতিজাক পাপু দাসে দেওবাৰে জালুকবাৰী আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে মহিলাগৰাকীৰ বোৱাৰী অঞ্জলি দাস আৰু নাতিনীয়েক অৰুণা দাসক গ্ৰেপ্তাৰ কৰে।

জালুকবাৰী থানাই এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত এটা গোচৰ (গোচৰ নং ১৪৮০/১৮) ৰুজু কৰিছে।

স্থানীয় লোকে চম্পা দাসৰ মৃত্যুৰ আঁৰত অঞ্জলি দাসৰ হাত থকাৰ সন্দেহ কৰিছে।

আৰক্ষী সূত্ৰসমূহে জানিব দিয়া মতে বোৱাৰী অঞ্জলি দাসে ঘটনাটো সম্পৰ্কত আৰক্ষীক খৱৰ দিছিল।

জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্পেন্দ্ৰ নাথ সুতে নৰ্থইষ্ট নাওৰ আগত কয়, ‘’ যদিও স্থানীয় লোকে ইয়াক এটা পৰিকল্পিত হত্যা বুলি সন্দেহ কৰিছে, মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়া নিশ্চিত কৰিব পৰা নাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পাছতহে সেয়া স্পষ্ট হ’ব।‘’

আৰক্ষীয়ে জানিবলৈ দিয়ে যে মহিলাগৰাকীৰ মৃতদেহ দেওবাৰেই মৰণোত্তৰ পৰীক্ষাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে, গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজনক সোমবাৰে কামৰূপৰ (মহানগৰ) মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়।

এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ বিতং অনুসন্ধান এতিয়াও চলি আছে।

Related News