মৰ্মান্তিক! উচ্চতৰ মাধ্যমিৰ ফলাফলৰ পিছদিনাই সৰ্বনাশ কৰিলে ছাত্ৰই

পৰীক্ষাৰ ফলাফলৰ পিছত মানসিকভাবে ভাগি পৰা এজন ছাত্ৰই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰ পোহৰলৈ আহিছে।

ত্ৰিপুৰাৰ খোৱাই জিলাৰ অন্তৰ্গত উত্তৰ চিংগিচেৰা গ্ৰাম পঞ্চায়তৰ মুণ্ডাবস্তি অঞ্চলত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

আত্মহত্যা কৰা ১৮ বছৰীয়া ছাত্ৰজনৰ নাম সুজয় মুণ্ডা বুলি জানিব পৰা গৈছে।

বুধবাৰে পুৱা প্ৰায় ১১:৩০ বজাত সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা।

বিদ্যাজ্যোতি আঁচনিৰ অধীনত খোৱাই চৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ সুজয় মুণ্ডাই অলপতে চিবিএছই উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

পৰীক্ষাৰ ফলাফল লাভ কৰাৰ ঠিক এদিন পিছতেই মানসিকভাবে ভাগি পৰি ছাত্ৰজনে এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। ছাত্ৰজনক পিতৃয়ে বাগিছাৰে এজোপা ৰবৰ গছত ওলমি থকা অৱস্থাত প্ৰতক্ষ কৰে।

এই কাণ্ডই মানসিক স্বাস্থ্যৰ জটিলতা আৰু শৈক্ষিক ক্ষেত্ৰখনত ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা হেঁচাৰ কথা পুনৰবাৰ ভাবিবলৈ বাধ্য কৰাইছে।